জম্মু-কাশ্মীৰত হিমস্খলন, উদ্ধাৰ অভিযান অব্যাহত...

বুধবাৰে জম্মু আৰু কাশ্মীৰৰ গুলমাৰ্গত এক ভয়ংকৰ হিমস্খলন সংঘটিত হৈছে। এটা স্কি ৰিজৰ্ট ইয়াৰ দ্বাৰা ক্ষতিগ্ৰস্ত হয়।

author-image
Asomiya Pratidin
New Update
জম্মু-কাশ্মীৰত হিমস্খলন, উদ্ধাৰ অভিযান অব্যাহত...

ডিজিটেল ডেস্ক: বুধবাৰে জম্মু আৰু কাশ্মীৰৰ গুলমাৰ্গত এক ভয়ংকৰ হিমস্খলন সংঘটিত হৈছে। এটা স্কি ৰিজৰ্ট ইয়াৰ দ্বাৰা ক্ষতিগ্ৰস্ত হয়। আৰক্ষীয়ে জনোৱা অনুসৰি, হিমস্খলনৰ ফলত দুজন পোলেণ্ড পৰ্যটকৰ মৃত্যু হৈছে।

Advertisment

আৰক্ষীয়ে বৰ্তমান ঘটনাস্থলীত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। কিমান লোক এই হিমস্থলনৰ কবলত পৰিছে এয়া এতিয়াও জানিব পৰা হোৱা নাই। বৰ্তমান সময়লৈকে প্ৰায় ১৯ জন লোকক উদ্ধাৰ কৰা হৈছে।

হিমস্খলনৰ ফলত মৃত্যু হোৱা পোলেণ্ডৰ নাগৰিক দুজনৰ মৃতদেহ আইনী প্ৰক্ৰিয়াৰ বাবে চিকিৎসালয়লৈ লৈ যোৱা হৈছে।

ভিডিঅ'ত দেখিবলৈ পোৱা যায় যে মানুহবোৰে বহি বৰফ উপভোগ কৰি আছিল আকু তেতিয়াই হিমস্খলন হয়।

আৰু পঢ়ক: নিমন্ত্ৰণ নকৰাকৈ সাহিত্য সভাৰ অধিৱেশনৰ কাৰ্যক্ৰমণিকাত বিশিষ্ট সাহিত্যিক, সাংবাদিকৰ নাম...

Jammu Kashmir