/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/ccaa7ce4-1588-48f9-8e26-a3a36fbc2b15/AP_FOR_WEB_111111.jpg)
ডিজিটেল ডেস্ক: চলি আছে অসম সাহিত্য সভাৰ ষষ্ঠ সপ্ততিতম নাৰায়নপুৰ অধিৱেশন। ৩১ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা অধিবেশনৰ আজি দ্বিতীয় দিন। সাহিত্য সভা অধিৱেশনৰ কাৰ্যক্ৰমনিকা প্ৰকাশ পোৱাৰ পাছতেই সমালোচনা সৃষ্টি হৈছিল।
কিয়নো অসম সাহিত্য সভাৰ অধিৱেশনৰ বিভিন্ন কাৰ্যসূচীত সাহিত্যিকৰ পৰিৱৰ্তে আছিল ৰাজনৈতিক ব্যক্তিৰ নাম। ৩১ জানুৱাৰীৰ পৰা আৰম্ভ হ'বলগীয়া এই অধিবেশত এতিয়া ৰাজনৈতিক নেতাৰ ভিৰ। সাহিত্য সভাৰ বিৰুদ্ধে ৰাইজৰ থকা আকাংশা যেন সঁচা প্ৰমাণিত হোৱাৰ পথত। কেইগৰাকী মান বিশিষ্ট সাহিত্যিকৰ বাহিৰে প্ৰায়বোৰ ৰাজনৈতিক নেতাই স্থান পাইছে এই অধিৱেশনত।
কেৱল শাসকীয় দলৰ নেতা মন্ত্ৰীয়েই নহয়, বিভিন্ন ছাত্ৰ সংগঠনৰ নেতাইও স্থান পাইছে নাৰায়ণপুৰৰ অধিৱেশনত। মুঠতে সাহিত্যিকৰ সলনি এফালৰ পৰা ভিৰ কৰিছে ৰাজনৈতিক নেতাই।
অধিৱেশনৰ কেইটামান কাৰ্যসূচীত নাম আছে বিশিষ্ট সাহিত্যিক, সাংবাদিকৰ নাম। কিন্তু এতিয়া ইয়াকলৈও আৰম্ভ হৈছে চৰ্চা। কিয়নো কাৰ্যক্ৰমণিকাত নাম থকা সাহিত্যক,সাংবাদিকে গ'মেই নাপাই তেওঁলোকক নিমন্ত্ৰণ কৰা কথা।
এই সন্দৰ্ভত বিশিষ্ট সাহিত্যিক ৰীতা চৌধুৰী আৰু সাংবাদিক অনুপম চৌধুৰীয়ে ছ'চিয়েল মিডিয়াৰ জৰিয়তে কয় যে তেওঁলোক এই বিষয়ত জ্ঞাত নহয়। সাহিত্যিক ৰীতা চৌধুৰীয়ে কয় যে তেওঁক অৱগত নকৰাকৈয়ে এখন মুকলি সভা উদ্বোধনৰ দায়িত্বত নাম সন্নিবিষ্টি কৰিছে। এই সন্দৰ্ভত সাহিত্য সভাৰ সভাপতি কুল শইকীয়াক জনোৱাৰ পাছত ঘৰত এখন নিমন্ত্ৰণী পত্ৰ দি থৈ যায়।
গতিকে প্ৰথাগতভাৱে আমন্ত্ৰণ নজনোৱা এটা অনুষ্ঠানত তেওঁ উপস্থিত থকাটো গ্ৰহণযোগ্য নহয় বুলি কয়। লগতে ৰাইজক চৌধুৰীৰ অনুপস্থিতি ভুল ভাৱে নলোৱাৰ আহ্বান জনায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/25f6f803-5db2-4fed-a6e0-78166b8b38f6/4cd9d8d5_8583_485a_b780_ac0f01b08aea.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-02/9860691b-03cd-47bb-a178-84c3ade1f839/b4e3a1ca_ec44_4154_aba2_d2170667ac97.jpg)
অন্যহাতে জ্য়োষ্ঠ সাংবাদিক অনুপম চক্ৰবৰ্তীয়েও কয় যে তেওঁৱো জ্ঞাত নহয় অধিৱেশনৰ কাৰ্যক্ৰমণিকাত তেওঁৰ নাম থকা সন্দৰ্ভত। কিয়নো তেওঁ লাভ কৰা নাই কোনো নিমন্ত্ৰণী পত্ৰ।
সাহিত্য সভাৰ দৰে জাতীয় অনুষ্ঠান এটাৰ এনে কাণ্ডই চিন্তিত কৰিছে সচেতন মহলত। বিভিন্ন সময়ত সমালোচনাতে থাকে সাহিত্য সভা। এইবাৰ অধিৱেশনৰ এনে কাণ্ডই পুনৰ বহু প্ৰশ্ন উত্থাপন কৰিছে।
প্ৰশ্ন হয়, এয়া সাহিত্য সভা নে ৰাজনৈতিক সভা। বিশিষ্ট সাহিত্যিকৰ সলনি অধিৱেশনত ৰাজনৈতিক নেতা পয়োভৰ। নাম মাত্ৰ সাহিত্যিকৰ নাম দেখা গৈছে সাহিত্য সভাৰ অধিৱেশনৰ কাৰ্যক্ৰমণিকাত। কিন্তু যদি কোনো নিমন্ত্ৰণী পত্ৰ নিদিয়াকৈ সাহিত্যিক, সাংবাদিকৰ নাম সন্নিবিষ্টি কৰিছে তেন্তে এয়া গৰহিনাৰ যোগ্য নহয়নে।
কি কৰিব বিচাৰিছে সাহিত্য সভাই। সাহিত্য সভাৰ দায়িত্ব অধিক। এয়া সময় আছিল সাহিত্য সভাৰ ওপৰত থকা ৰাইজৰ সন্দেহ দূৰ কৰাৰ । কিন্তু তেনে নকৰি সাহিত্য সভাই বাৰে বাৰে প্ৰমাণ কৰিছে যে অসম সাহিত্য সভা এতিয়া সংকটত।
আৰু পঢ়ক: সাহিত্যৰ স্থান নাই, ৰাজনীতিহে এতিয়া সাহিত্য সভা...