১৬ হাজাৰ হৃদৰোগীক প্ৰাণ দি নিজেই গুচি গ'ল হৃদৰোগৰ চিকাৰ হৈ...

১৬ হাজাৰ হৃদৰোগীক প্ৰাণ দি নিজেই গুচি গ'ল হৃদৰোগৰ চিকাৰ হৈ...

ডিজিটেল ডেস্ক : মাত্ৰ ৪১ বছৰ বয়সতে কৰ্মৰত চিকিৎসালয়ত প্ৰাণ হেৰুৱালে গুজৰাটৰ প্ৰখ্যাত হৃদৰোগ বিশেষজ্ঞ ডাঃ গৌৰৱ গান্ধীয়ে। মঙলবাৰে পুৱা নিজ বাসগৃহত হঠাৎ অসুস্থ হৈ পৰা চিকিৎসকজনক ভৰ্তি কৰোৱা হৈছিল গুজৰাটৰ জিজি চিকিৎসালয়ত। চিকিৎসালয়ত উপস্থিত হোৱাৰ ৪৫ মিনিটৰ পাছতে মৃত্যুক আঁকোৱালি লয় চিকিৎসকজনে। উক্ত জি জি চিকিৎসালয়তে কৰ্মৰত আছিল তেওঁ।

পিছে লক্ষণীয় কথাটো হ'ল যে, হৃদৰোগ বিশেষজ্ঞ গৰাকীয়ে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি লয়। যিগৰাকী হৃদৰোগ বিশেষজ্ঞই নিজৰ পেছাদাৰী যাত্ৰাত ১৬,০০০ৰো অধিক হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ কৰিছিল সেইগৰাকী চিকিৎসকেই বলি হ'ল এই ৰোগৰ। হাজাৰ হাজাৰ হৃদৰোগীক প্ৰাণ দি এই ৰোগৰ চিকাৰ হৈ মৃত্যু হোৱা গৌৰৱ গান্ধীৰ মৃত্যুত স্বাভাৱিকতেই শোকৰ ছাঁ পৰিছে ৰাজ্যখনত। উল্লেখ্য মৃত্যুৰ সময়ত তেওঁ পত্নী আৰু দুটি সন্তানক এৰি থৈ যায়।

১৬ হাজাৰ হৃদৰোগীক প্ৰাণ দি নিজেই গুচি গ'ল হৃদৰোগৰ চিকাৰ হৈ...
তামুলপুৰত শোকাৱহ পথ দুৰ্ঘটনা

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in