তামুলপুৰত শোকাৱহ পথ দুৰ্ঘটনা

তামুলপুৰত শোকাৱহ পথ দুৰ্ঘটনা

ডিজিটেল সংবাদ, তামুলপুৰঃ তামুলপুৰ থানাৰ তামুলপুৰ ওডালগুৰি ৰাজ্যিক ঘাইপথৰ নোৱাখাটত পথ দুৰ্ঘটনা। পথ দুৰ্ঘটনাত থিতাতে নিহত এজন লোক।

জানিব পৰা মতে, নিহত লোকজনৰ নাম লাওপাৰা গাঁৱৰ দশৰথ মেধি (৫৪)। বুধবাৰে দিনৰ প্ৰায় ১১-৩০ বজাত লাওপাৰাৰ দশৰথ মেধিয়ে ৰামেচুবুৰী বজাৰত বজাৰ কৰি এছ ০১ ওৱাই ৭৬১৯ মটৰচাইকেল খনৰে ঘৰলৈ উভতি যোৱাৰ সময়তে নাগ্ৰীজুলি দিশৰ পৰা অহা এখন ট্ৰেক্টৰ ট্ৰেইলাৰ খুণ্ডাত থিতাতে নিহত হয়।

লগে লগে স্থানীয় ৰাইজে ট্ৰেক্টৰখন ঘটনাস্থলীতে জব্দ কৰে। আনহাতে, নিহত লোকজনে শাক-পাচলিৰ ব্যৱসায় কৰি পৰিয়াল পোহৰ পাল দি আহিছিল বুলি জানিব পৰা গৈছে।

তামুলপুৰত শোকাৱহ পথ দুৰ্ঘটনা
হাৰমতীত অৰুণাচলৰ বিৰুদ্ধে যুৱ ছাত্ৰ পৰিষদৰ তীব্ৰ প্ৰতিবাদ

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in