ব্লেডেৰে ৰেপি, মৰিয়াই হত্যা মহিলাক! চিঞৰ দমাই ৰাখিবলৈ দুদিন ধৰি উচ্চ স্বৰত বজালে সংগীত...

ব্লেডেৰে ৰেপি, মৰিয়াই হত্যা মহিলাক! চিঞৰ দমাই ৰাখিবলৈ দুদিন ধৰি উচ্চ স্বৰত বজালে সংগীত...

ডিজিটেল ডেস্কঃ আত্মীয়ৰ অত্যাচাৰত প্ৰাণ গ'ল এগৰাকী মহিলাৰ। অলংকাৰ চুৰি কৰাৰ সন্দেহত ২৩ বছৰীয়া মহিলা গৰাকীক আত্মীয়ই ইমানেই অত্যাচাৰ চলাই যে অৱশেষত মৃত্যু হয়। আৰক্ষীয়ে বুধবাৰে উদ্ধাৰ কৰে মহিলা গৰাকীৰ মৃতদেহ।

আৰক্ষীয়ে জনাই যে মহিলা গৰাকীক ব্লেড আৰু ৰডেৰে আক্ৰমণ কৰিছিল আত্মীয়ই। কেৱল ইমানেই নহয়, মহিলা গৰাকীৰ চিঞৰ যাতে ওচৰ-চুবুৰীয়াই শুনা নাপাই তাৰ বাবে তেওঁলোতে উচ্চ স্বৰত গান বজাই ৰাখিছিল।

মহিলাগৰাকীৰ মৃত্যুৰ পাছত অভিযুক্ত কেইগৰাকী ঘটনাস্থলীৰ পৰা পলায়ন কৰে। কিন্তু যেতিয়া দুই দিন ধৰি তেওঁলোকৰ ঘৰত গান বাজি আছিল তেতিয়া ওচৰ চুবুৰীয়াই আৰক্ষীত খবৰ দিয়ে। তাৰপাছতেই ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰে।

মৃত মহিলাগৰাকী ছামিনা বুলি চিনাক্ত হৈছে। আনহাতে অভিযুক্ত ক্ৰমে হীনা আৰু ৰমেশ। এই ঘটনা সংঘটত হৈছে গাজিয়াবাদত।

সোমবাৰে হীনা আৰু ৰমেশৰ পুত্ৰৰ জন্মদিন আছিল। জন্মদিন উপলক্ষ্যে তেওঁলোকৰ ঘৰলৈ গৈছিল ছামিনা। কিন্তু তেতিয়াই তেওঁলোকৰ ঘৰৰ পৰা চুৰি হৈছিল প্ৰায় ৫ লাখ টকাৰ গহনা। সেই গহনা চুৰি কৰাৰ অভিযোগত হীনা আৰু ৰমেশে মৰিয়াই মৰিয়াই হত্যা কৰে ছামিনাক।

ব্লেডেৰে ৰেপি, মৰিয়াই হত্যা মহিলাক! চিঞৰ দমাই ৰাখিবলৈ দুদিন ধৰি উচ্চ স্বৰত বজালে সংগীত...
বিশ্বজিতক হত্যা কৰি কোনে পুতি থ'লে বিলৰ মেটেকাৰ তলত ?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in