বিশ্বজিতক হত্যা কৰি কোনে পুতি থ'লে বিলৰ মেটেকাৰ তলত ?

বিশ্বজিতক হত্যা কৰি কোনে পুতি থ'লে বিলৰ মেটেকাৰ তলত ?

ডিজিটেল ডেস্কঃ ৰূপহীহাটৰ হাৰিভাঙা বিলত উত্তপ্ত পৰিস্থিতি। ৩ দিন ধৰি সন্ধানহীন হৈ থকা যুৱকৰ মৃতদেহ বুধবাৰে উদ্ধাৰ হয়। বিলত মাছ মাৰিবলৈ গৈ নিৰুদ্দেশ হৈছিল যুৱকজন।

বিশ্বজিৎ মণ্ডলক মৰিয়াই হত্যা কৰি মেটেকাৰ তলত পুতি থোৱা বুলি একাংশই অভিযোগ উত্থাপন কৰিছে। যাৰ বাবে আৰক্ষীত ঘেৰাও কৰে স্থানীয় ৰাইজে।

এছডিআৰএফৰ তিনিদিনীয় অভিযানৰ অন্তত বিলৰ মেটেকাৰ তলৰ পৰা ওলাই বিশ্বজিৎৰ মৃতদেহ। আনহাতে মূৰত আঘাতৰ চিন স্পষ্ট হৈ থকাত একাংশই এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি সন্দেহ কৰিছে।

বিলৰ মহলদাৰৰ বিৰুদ্ধে যুৱকজনক হত্যা কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। ঘটনা স্থলীত স্থানীয় দণ্ডাধীশ উপস্থিত হয় ।

ঘটনাৰ পাছতে উত্তেজিত ৰাইজে পৰিস্থিতি উত্তপ্ত কৰি তোলে। অভিযোগ যে যুৱকজন নিৰুদ্দেশ হোৱা গোচৰ ৰুজু কৰা নাছিল আমবাগ আৰক্ষীয়ে। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি তদন্ত আৰম্ভ কৰিছে।

বিশ্বজিতক হত্যা কৰি কোনে পুতি থ'লে বিলৰ মেটেকাৰ তলত ?
নিৰ্মীয়মান বটদ্ৰৱা প্ৰকল্পত বিদ্যুৎ স্পৃষ্ট হৈ শ্ৰমিকৰ মৃত্যু...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in