১৯ বছৰীয়া গেংষ্টাৰঃ ভুৱা পাছপোৰ্ট ব্যৱহাৰ কৰি আমেৰিকালৈ পলায়ন

হাৰিয়ানাৰ এজন ১৯ বছৰীয়া যুৱকে ভুৱা পাছপোৰ্ট ব্যৱহাৰ কৰি পলায়ন কৰে আমেৰিকালৈ। যুৱকজনৰ বিৰুদ্ধে কেইবাটাও অপৰাধমূলক ঘটনা সংঘটিত কৰাৰ অভিযোগ আছে।

author-image
Asomiya Pratidin
New Update
১৯ বছৰীয়া গেংষ্টাৰঃ ভুৱা পাছপোৰ্ট ব্যৱহাৰ কৰি আমেৰিকালৈ পলায়ন

ডিজিটেল ডেস্কঃ হাৰিয়ানাৰ এজন ১৯ বছৰীয়া যুৱকে ভুৱা পাছপোৰ্ট ব্যৱহাৰ কৰি পলায়ন কৰে আমেৰিকালৈ। যুৱকজনৰ বিৰুদ্ধে কেইবাটাও অপৰাধমূলক ঘটনা সংঘটিত কৰাৰ অভিযোগ আছে।

Advertisment

যোগেশ কাদিয়ান নামৰ যুৱকজনে ২ বছৰ আগতে আমেৰিকালৈ পলায়ন কৰে। সূত্ৰই জনাই যে যোগেশ সেই সকলৰ লোকৰ ভিতৰত এজন যিয়ে লোৰেন্স বিষ্ণোইৰ হত্যা কৰিব বিচাৰে।

বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাবিনহা দলত থকা যোগেশ অস্ত্ৰ-শস্ত্ৰৰ বিশেষজ্ঞ বুলি জানিব পৰা গৈছে। তেওঁ ১৭ বছৰ বয়সতে পলায়ন কৰিছিল।

সূত্ৰ অনুসৰি, তেওঁৰ বাম্বিহা আৰু খালিস্তানি সন্ত্ৰাসবাদীৰ সৈতেও সম্পৰ্ক আছে। যাৰ বাবে এনআইএ তেওঁৰ ভাৰতৰ ঘৰত তালাচীও চলাইছিল। এই গেংগষ্টাৰজনৰ তথ্য দিওতালৈ ডেৰ লাখ টকা আৰু ইন্টাৰনেল পোলে ৰেড কৰ্ণাৰ নোটিছ জাৰি কৰিছিল।

উল্লেখ্য যে, বৰ্তমান তেওঁলোকে লোৰেন্স বিষ্ণোইৰ গেঙক ধ্বংস কৰাৰ পৰিকল্পনা কৰি আছে। গেংষ্টাৰ লৰেন্স বিষ্ণোই বৰ্তমান ড্ৰাগছৰ চোৰাং ব্যৱসায়ৰ অভিযোগত আহমেদাবাদ কাৰাগাৰত আছে। বিষ্ণোইৰ বিৰুদ্ধে কেইবাটাও অপৰাধমূলক অভিযোগ আছে।

Also Read: ঘোচ লৈ পলায়ন! আৰক্ষী বিষয়া কবিন্দ্ৰ ৰাভাক নিলম্বন

nia