/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/ca31c72e-5702-4b86-a33e-9fd96ac19e3d/ffffff.jpg)
ডিজিটেল সংবাদ, ওৰাংঃ ৰৌতাত দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত পলায়ন কৰা ৰৌতা আৰক্ষী থানাৰ আৰক্ষী বিষয়া কবিন্দ্ৰ ৰাভাক নিলম্বন। ওদালগুৰি আৰক্ষী অধীক্ষকে সদৰি কৰিছে এই তথ্য। উৎকোচ লোৱা অৱস্থাত দুৰ্নীতি নিবাৰক শাখাৰ হাতৰ পৰা পলায়ন কৰিছিল কবীন্দ্ৰ ৰাভাই।
পলাতক ঘোচখোৰ OC ক নিলম্বন। ঘোচ লৈ গ্ৰেপ্তাৰৰ ভয়ত পলাইছিল কবীন্দ্ৰ ৰাভাই। দুৰ্নীতি নিবাৰক শাখাই এই সন্দৰ্ভত সবিশেষ তথ্য আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা নাছিল। অৱশেষত আজি নিলম্বন কৰে আৰক্ষী বিষয়াগৰাকীক।
Also Read: বৰপথাৰত অচিনাক্ত মৃতদেহ উদ্ধাৰ
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us