'ড০ ভূপেন হাজৰিকা বঁটা' গ্ৰহণ কৰিবলৈ অসমলৈ আহিব নোৱাৰিলে বলিউড অভিনেত্ৰী ৰবীনা টণ্ডন

এই বিহুৰ মাজতেই অসমলৈ অহাৰ কথা আছিল বলিউডৰ অভিনেত্ৰী ৰবীনা টণ্ডন।

author-image
Asomiya Pratidin
New Update
'ড০ ভূপেন হাজৰিকা বঁটা' গ্ৰহণ কৰিবলৈ অসমলৈ আহিব নোৱাৰিলে বলিউড অভিনেত্ৰী ৰবীনা টণ্ডন

ডিজিটেল ডেস্কঃ অসমত এতিয়া বিহুৰ বতৰ। বিভিন্ন প্ৰান্তত অনুষ্ঠিত হৈ আহিছে বিহুৰ অনুষ্ঠান। এই বিহুৰ মাজতেই অসমলৈ অহাৰ কথা আছিল বলিউডৰ অভিনেত্ৰী ৰবীনা টণ্ডন। ৯০ দশকৰ এই জনপ্ৰিয় অভিনেত্ৰী গৰাকীক চাবলৈ একাংশ অনুৰাগীয়ে যথেষ্ঠ অপেক্ষা কৰিছিল।

Advertisment

কিন্তু অসমলৈ নাহিল অভিনেত্ৰী গৰাকী। বেলতলা বহাগী উৎসৱত অংশ লোৱাৰ কথা আছিল অভিনেত্ৰী গৰাকীয়ে। কিন্তু অভিনেত্ৰী গৰাকীয়ে নিজেই প্ৰকাশ কৰে যে তেওঁ গুৱাহাটীলৈ আহিব নোৱাৰিলে।

জ্বৰত আক্ৰান্ত হোৱাৰ বাবে তেওঁ অসমলৈ আহিব নোৱাৰিলে। তেওঁ কয় যে , বিহু অনুষ্ঠানত অংশ ল'বলৈ তেওঁ অধিক আগ্ৰহেৰে বাট চাই আছিল। কিন্তু জ্বৰত আক্ৰান্ত হোৱাৰ বাবে তেওঁ আহিব নোৱাৰিলে।

উল্লেখ্য যে, ২২ এপ্ৰিলৰ দিনা অভিনেত্ৰী গৰাকীক আমন্ত্ৰণ জনোৱা হৈছিল। 'বেলতলা বহাগী উৎসৱ উদযাপন সমিতি'য়ে আগতে ঘোষণা কৰিছিল যে সমিতিখনে বলীউডৰ অভিনেত্ৰী ৰবীনা টণ্ডনক আনুষ্ঠানিকভাৱে ড০ ভূপেন হাজৰিকা বঁটা-২০২৩ প্ৰদান কৰিব।

Also Read: দুজনী চৰাইৰ কাহিনী...