দুজনী চৰাইৰ কাহিনী...

দুজনী চৰাইৰ কাহিনী...

মৃদুল কুমাৰ সন্দিকৈ

গছৰ ডালটোত পৰি আছে এজনী চৰাই। উৰিব পৰাকৈ চৰাইজনীৰ গাত বল-বিক্ৰম নাই। জীৱন মানেই এক চিৰন্তন সত্য বৃদ্ধকাল। এই সময়খিনিত পাবলৈ একো নাথাকিলেও জীয়াবলৈ সকলোৰে আশা থাকে।

কাৰোবাৰ পৰা এধানি মৰম, অকনমান ভালপোৱা সকলোৱে বিচাৰে। মন থাকিলেও দেহাই নাটানে। কোনোবাই সেই সময়ত কৰা মৰম ভৰা আল-পৈচানে বহু প্ৰাপ্তিৰ সুখ আনি দিয়ে।

বৃদ্ধকাল কেতিয়াবা কাৰোবাৰ বাবে অভিশাপ হৈ পৰে। ইতৰ প্ৰাণীৰ কথা বাদেই জীৱশ্ৰেষ্ঠ বুলি ভবা মানুহৰেই বৃদ্ধকাল হৈ পৰে জীৱনৰ বাবে বোজা। নিজ সন্তানৰ হাতত লাঞ্চিত বঞ্চিত হৈ চকুৰে বাট নেদেখা হোৱা সেই কাহিনীবোৰ আমি হয়তো গুৰুত্ব নিদিও কিন্তু আপাত দৃষ্টিত সেইবোৰ কিমান দুখময় সেয়া কল্পনাই কৰিব নোৱাৰি।

নিজ মাতৃক সন্তানে ৰাজপথত এৰি থৈ যোৱা, সন্তানক গঢ়িবলৈ জীৱনৰ সৰ্বস্ব ত্যাগ কৰা পিতৃক ঘৰৰ পৰা উলিয়াই পঠোৱা আঁৰত কিন্তু থাকে একো একোজন মানুহ। যিজন সেই বৃদ্ধ বা বৃদ্ধা গৰাকীৰ অতিকৈ আপোন মানুহ,আপোনৰো আপোন কোনোবা।

তেনেবোৰ উদাহৰণ, ঘটনাৰ মাজতেই হঠাৎ কিছু দৃশ্যই মানুহকেই চকু মেল খোৱাই দিয়ে। সেই দৃশ্যবোৰে যেন কৈ যায় তুমি যিমানেই জীৱশ্ৰেষ্ঠ বুলি অহংকাৰ নকৰা তোমাতকৈ পশু-পক্ষীও কম শ্ৰেষ্ঠ নহয়। মাতৃহাৰা মেকুৰী পোৱালীক কুকুৰে গাখীৰ খুওৱা দৃশ্যতেই লিখা থাকে সেইবোৰ অৰ্থ।

এই দৃশ্য তাতোকৈ পৃথক। সামাজিক মাধ্যমত ইজনৰ পৰা সিজনলৈ বিয়পি পৰা এক দৃশ্য। এটা গছৰ ডালত পৰি আছে এজনী চৰাই। চৰাইজনীৰ বয়স হৈছে। মানুহৰ দৰে চৰাই বা জীৱ-জন্তুৰ বাবেতো নাই বৃদ্ধাশ্ৰম।

চৰাইজনীয়ে উৰিব নোৱাৰে। কোনোমতে গছৰ ঠালটোত খামুচি ৰৈ আছে। মেলি আছে ভোকত দুই ঠোঁট। হঠাৎ উৰি আহি পৰিছেহি আন এজনী চৰাই সেই চৰাইজনীৰ কাষত। সেই সৰু চৰাইজনীৰ ঠোঁটত কিছু খাদ্য। সেই খাদ্যখিনিয়ে বৃদ্ধ চৰাইজনীৰ ঠোঁটত ভৰাই দিছে সৰু চৰাইজনীয়ে। কেৱল কল্পনা কৰক এই দৃশ্য।

হয়তো বহু মানুহেও এনে কাম নকৰিলে হয়। সৰু চৰাইজনীয়ে দিয়া খাদ্য ডাঙৰজনীয়ে খাইছে। তাৰ পাছত আন এটা দৃশ্যত চৰাইজনীয়ে খাদ্য আনি কাষত লৈ দুয়ো ভগাই খাইছে। এবাৰ দেখা পোৱা গৈছে গছৰ মূৰ এটাত বহি থকা বৃদ্ধ চৰাইজনীক পুনৰ খাদ্য দিবলৈ আহিছে সৰু চৰাইজনীয়ে।

এজনী পোৱালী চৰাইয়ে আন এজনী বৃদ্ধ চৰাইক লোৱা যতনৰ দৃশ্য এয়া। এই চৰাইবোৰ কোনো স্কুললৈ যোৱা নাই। নাই তেওঁলোকৰ মানুহৰ দৰে জ্ঞান-বোধশক্তি। কিন্তু তেওঁলোকে বুজি পাই তেওঁলোকৰ দায়বদ্ধতা।

প্ৰকৃতিয়ে তেওঁলোকক দিছে সেই শিক্ষা। যি শিক্ষাত নাই মানুহৰ দৰে স্বাৰ্থপৰতা, লোভ বা অন্য কিম্বা। এই ভিডিঅ'ত বন্দী হোৱা দৃশ্যই মানুহকে দিব বিচাৰে এক মহৎ শিক্ষা। প্ৰকৃতিতকৈ ওপৰত নাই কোনো শিক্ষক।

প্ৰকৃতিয়ে জীৱৰ শ্ৰেষ্ঠ শিক্ষক, পৃথিৱীয়েই জীৱৰ বাবে শ্ৰেষ্ঠ শ্ৰেণীকোঠা। ইয়াত শিকোৱা হয় স্বাৰ্থহীনভাৱে, পাৰস্পৰিক বুজাপৰাৰে, দায়বদ্ধতা সহকাৰে জীৱন উদযাপন কৰাৰ পাঠ। আজি মানুহে লয় জানো এনে শিক্ষা।

যি সময়ত আমি ধন, সম্পত্তি সন্মানৰ লোভত এজনে আনজনক নিশেষ কৰি দিবলৈও কুণ্ঠাবোধ নকৰো সেই জটিল সময়ত মানুহৰ বাবে প্ৰকৃতিৰ জৰিয়তে দিয়া এই শিক্ষা আমি কিমানজনে বুজি উঠিছো। বুজিও যেন আমি একো নুবুজো। স্বাৰ্থ নামৰ সেই তাড়নাই আমাক অন্ধ কৰি পেলাইছে।

এইবোৰৰ পৰা ইতৰ প্ৰাণী মুক্ত। পশু-পক্ষীকূলৰ মাজত সেয়েহে আছে পৰস্পৰে পৰস্পৰক সহায় কৰাৰ প্ৰৱণতা। তাৰ পৰা মানুহ আঁতৰি গৈ আছে। পিতৃ-মাতৃকেই ৰাজপথত দলিয়াই দিব পৰা, বোজা বুলি বৃদ্ধকালক অকনমান মৰমৰ পৰা বঞ্চিত কৰা মানুহে এই দৃশ্যবোৰ চাওক।

এয়া মাঁথো দুজনী চৰাইৰ কাহিনী নহয়। এয়া যে প্ৰকৃতিয়ে দিয়া জীৱনৰ সঠিক শিক্ষা। সভ্যতাৰ আৰু আধুনিকতাৰ দৌৰত আমি দৌৰি যেন আগলৈ যোৱাৰ সলনি পিছলৈ গৈ আছো। আমাতকৈ আগত প্ৰকৃতিৰ সৈতে থাকি সঠিক বাটেত আছে আজিও আন জীৱকূল।সেই জীৱকূলৰ পৰা সেই বাৰ্তাবোৰ, এই শিক্ষাবোৰ আমি বাৰু ল'ব পাৰিম কেতিয়া।

দুজনী চৰাইৰ কাহিনী...
বিয়ালৈ গৈ থকা অৱস্থাতে দুৰ্ঘটনাত পতিত হৈ থিতাতে ২ জনৰ মৃত্যু...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in