Advertisment

তীৰ্থ যাত্ৰা সামৰি উভতি অহাৰ পথতে দুৰ্ঘটনাঃ ১৭ যাত্ৰীৰ ১৩ জনৰে মৃত্যু...

অতি সংকটজনক আন ৪ জনৰ অৱস্থা

author-image
Asomiya Pratidin
New Update
তীৰ্থ যাত্ৰা সামৰি উভতি অহাৰ পথতে দুৰ্ঘটনাঃ ১৭ যাত্ৰীৰ ১৩ জনৰে মৃত্যু...

তীৰ্থ যাত্ৰা সামৰি উভতি অহাৰ পথতে দুৰ্ঘটনাঃ ১৭ যাত্ৰীৰ ১৩ জনৰে মৃত্যু...

ডিজিটেল ডেস্কঃ কৰ্ণাটকত সংঘটিত হোৱা বাছ দুৰ্ঘটনাত নিহতৰ সংখ্যা ১৩ জনলৈ বৃদ্ধি পাইছে। শুকুৰবাৰে পুৱতি নিশা সংঘটিত হোৱা এই দুৰ্ঘটনাৰ সময়ত বাছখনত আছিল ১৭ জন যাত্ৰী। বাছখনে পথৰ কাষত ৰৈ থকা এখন ট্ৰাকত প্ৰচণ্ড জোৰে খুন্দা মৰাৰ বাবেই এই কৰুণ দুৰ্ঘটনা সংঘটিত হয়।

Advertisment

বাছখনত থকা এই যাত্ৰীসকল আছিল তীৰ্থযাত্ৰী। তেওঁলোকে তীৰ্থ কৰি ঘূৰি অহাৰ পথতে এই দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত আহতৰ ভিতৰত ৪ জন এতিয়াও হাস্পতালত সংতটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে। তেওঁলোকৰ আঘতৰ গুৰুতৰপ্ৰতি লক্ষ্য কৰি নিহতৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে।

উল্লেখ্য যে, দুৰ্ঘটনাগ্ৰস্ত মিনি বাছখন বেলাগাভিৰ পৰা শিৱমোগালৈ যাত্ৰা কৰাৰ পথত পুনে-বেংগালুৰু ৰাষ্ট্ৰীয় ঘাইপথত গুণ্ডেনাহাল্লি ক্ৰছিংত এই দুৰ্ঘটনাৰ সন্মুখীন হয়। বাছখনৰ আটাইকেইজন যাত্ৰী আছিল শিৱমোগাৰে।

স্থানীয় আৰক্ষীয়ে জনোৱা মতে পুৱতি নিশা প্ৰায় ৩-৪৫ বজাত নিয়ন্ত্ৰণ হেৰুৱাই ৰখাই থোৱা ট্ৰাকখনত খুন্দা মাৰে। ফলত সৃষ্টি হোৱা প্ৰচণ্ড শব্দই অঞ্চলটোক জোকাৰি যায়। লগে লগে স্থানীয় লোকসকল দুৰ্ঘটনাস্থলীলৈ আহি উদ্ধাৰকাৰ্য আৰম্ভ কৰে। তেওঁলোকৰ খবৰৰ ভিত্তিতে ঘটনাস্থলীত উপস্থিত হয় স্থানীয় আৰক্ষী।

স্থানীয় লোকে জনোৱা মতে দুৰ্ঘটনাৰ সময়তে ১১ জন যাত্ৰীয়ে দুৰ্ঘটনাস্থলীতে প্ৰাণ হেৰুৱায়। পাছত হাস্পতালত আন দুজন আহতই প্ৰাণ হেৰুৱাই। আৰক্ষীয়ে জনোৱা মতে এই দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ এতিয়াও তেওঁলোকে জানিব পৰা নাই।

কেৱল সন্দেহৰ ভিত্তিতে তীব্ৰ বেগত নিয়ন্ত্ৰণ হেৰুৱাই এই দুৰ্ঘটনাৰ সন্মুখীন হোৱা বুলি ধাৰণা কৰা হৈছে। সঠিক তদন্তৰ অন্ততহে এই বিষয়ে জানিব পৰা যাব। অৱশ্যে প্ৰাথমিক তদন্তত এই কথা নিশ্চিত হৈছে যে, গোটেই নিশা বাহন চলাই পুৱতি নিশা ভাগৰি পৰিছিল চালকজন। ফলত টোপনিৰ জালতে এই দুৰ্ঘটনা সংঘটিত হয়।

Also Read: চতিয়া আৰক্ষীয়ে খেদি খেদি ধৰিলে স্কৰপিঅ'লৈ অহা ৫ গৰু চোৰক...

পথ দুৰ্ঘটনা কৰ্ণাটক