/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/72d403bc-0a56-4122-b806-ba6d10320829/satea_28.jpg)
চতিয়া আৰক্ষীয়ে খেদি খেদি ধৰিলে স্কৰপিঅ'লৈ অহা ৫ গৰু চোৰক...
ডিজিটেল সংবাদ জামুগুৰিহাটঃ চতিয়াত চলিত সপ্তাহৰ প্ৰথম দিনটোৰ পৰাই অৰ্থাৎ সোমবাৰৰ পৰা ধাৰাবাহিকভাৱে গৰু চুৰিকাণ্ড সংঘটিত হোৱাৰ পৰিপ্ৰেক্ষিততে চতিয়া আৰক্ষীয়ে গৰু চোৰৰ বিৰুদ্ধে চলাইছে তীব্ৰ অভিযান৷ এই অভিযানৰ মাজতে শুকুৰবাৰে পুৱতিনিশা চতিয়া আৰক্ষীয়ে AS-12 -M -6507 নম্বৰৰ স্ক'ৰপিঅ' বিলাসী বাহনখনত গৰু চুৰি কৰিবলৈ অহা ৫ চোৰক গ্ৰেপ্তাৰ কৰে৷ এই চোৰ কেইটাক নাগশংকৰৰ দিকৰাই নৈৰ সমীপত গ্ৰেপ্তাৰ কৰে।
ধৃত চোৰ কেইটা তেজপুৰৰ ভোজখোৱা চাপৰিৰ কাছেম আলি, ৰুবুল আমিন, ইছমাকুল হুছেইন, চফিউল্লা হক আৰু জামুগুৰিহাটৰ পানপুৰৰ আছমত আলি। উল্লেখ্য যে, বৃহস্পতিবাৰেও AS-32-B-6610 নম্বৰৰ আন এখন বিলাসী বাহনত ৭ টাকৈ ছাগলীসহ বিশ্বনাথৰ কুমলীয়াৰ বাছিৰ আলি আৰু ইয়াকুৱ আলি নামৰ দুই কুখ্যাত গৰু, ছাগলী চোৰক চতিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল৷ আৰক্ষীয়ে ইতিমধ্যে আটাইকেইটা গৰু, ছাগলী চোৰক জে'ল হাজোতলৈ প্ৰেৰণ কৰিছে৷
Also Read: ৫০ টা পুখুৰীৰে বানপানী শেষ কৰাৰ কথাৰে অসমক অপমান কৰিছে- অখিল গগৈ