সংসদৰ অধিৱেশনত ৰঞ্জন গগৈৰ প্ৰথমটো ভাষণ : বিজেপি চৰকাৰৰ প্ৰশংসাত পঞ্চমুখ সাংসদ গগৈ

তেওঁৰ এই বক্তব্যৰ পিচতে জয়া বচ্চনসহ ৪গৰাকী মহিলা সাংসদে তেওঁ কৰা মন্তব্যৰ প্ৰতিবাদ কৰি সদন ত্যাগ কৰে
সংসদৰ অধিৱেশনত ৰঞ্জন গগৈৰ প্ৰথমটো ভাষণ : বিজেপি চৰকাৰৰ প্ৰশংসাত পঞ্চমুখ সাংসদ গগৈ

ডিজিটেল ডেস্ক : দীৰ্ঘ বিৰতিৰ অন্তত মুখ খুলিছে ৰাজ্যসভাৰ সাংসদ তথা উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে। সংসদৰ অধিৱেশনত তেওঁৰ প্ৰথমটো ভাষণতে দিল্লী সেৱা বিধেয়ক সন্দৰ্ভত বিজেপি চৰকাৰৰ সপক্ষে বক্তব্য দাঙি ধৰে।

সংসদত বিজেপি চৰকাৰৰ প্ৰশংসাত পঞ্চমুখ সাংসদ গগৈ। সাংসদ ৰঞ্জন গগৈয়ে দিল্লী সেৱা বিধেয়কখন সাংবিধানিকভাৱে বৈধ বুলি মন্তব্য কৰে। তেওঁ কয় যে, এই বিধেয়কখন আইনগতভাৱে শুদ্ধ আৰু সঠিক বুলি সংসদৰ মজিয়াত উল্লেখ কৰে।

তেওঁৰ এই বক্তব্যৰ পিচতে জয়া বচ্চনসহ ৪গৰাকী মহিলা সাংসদে তেওঁ কৰা মন্তব্যৰ প্ৰতিবাদ কৰি সদন ত্যাগ কৰে। উল্লেখ্য যে ৰাষ্ট্ৰপতিৰ মনোনীত সদস্য হিচাপে ৰাজ্যসভালৈ প্ৰেৰণ কৰা সাংসদ ৰঞ্জন গগৈ সংসদৰ অধিৱেশনত প্ৰায়ে অনুপস্থিত থাকে আৰু উপস্থিত থকাৰ সময়চোৱাতো কোনো মন্তব্যৰ পৰা বিৰত থাকিছিল। কিন্তু তাৎপৰ্যপূৰ্ণভাৱে সোমবাৰে তেওঁ সদনত দিল্লী সেৱা বিধেয়ক সন্দৰ্ভত উক্ত বক্তব্য দাঙি দৰে।

সংসদৰ অধিৱেশনত ৰঞ্জন গগৈৰ প্ৰথমটো ভাষণ : বিজেপি চৰকাৰৰ প্ৰশংসাত পঞ্চমুখ সাংসদ গগৈ
ভাৰতৰ বিৰুদ্ধে শৃংখলা দখলৰ লক্ষ্য ৱেষ্ট ইণ্ডিজৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in