/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/6c419206-4e5b-4b33-926d-151add8fd854/ind_vs_wi.jpg)
ডিজিটেল ডেস্ক : ভাৰতৰ বিপক্ষে ক্ৰমাগত দুখনকৈ টি-২০ মেচত জয়লাভ কৰি আত্মবিশ্বাসী ৱেষ্ট ইণ্ডিজ। ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজৰ ৫খনীয়া টি-২০ শৃংখলাৰ ২-০ৰ ব্যৱধানত আগবাঢ়ি আছে ঘৰুৱা দল ৱেষ্ট ইণ্ডিজ।
ঘৰুৱা দলটোত নিক'লাছ পুৰানৰ প্ৰত্যাৱৰ্তনে অধিক শক্তিশালী কৰি তুলিছে। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টেষ্ট আৰু এদিনীয়া শৃংখলা দখল কৰাৰ পিচত সম্প্ৰতি টি-২০ শৃংখলাৰ ২খন মেচত ভাৰতীয় ক্ৰিকেট দলটোৱে মুখথেকেচা খাইছে।
সাময়িকভাৱে বিৰতি লোৱা নিয়মীয়া অধিনায়ক ৰোহিত শৰ্মাৰ স্থানত দলটোক নেতৃত্ব দিছে অলৰাউণ্ডাৰ হাৰ্ডিক পাণ্ডিয়াই। ৫খনীয়া শৃংখলাৰ বিগত মেচ ২খনত দলক সঠিকভাৱে নেতৃত্ব দিয়াত পাণ্ডিয়া ব্যৰ্থ হৈছে।
জ্যেষ্ঠ খেলুৱৈ বিৰাট কোহলি আৰু ৰোহিত শৰ্মাৰ অনুপস্থিতি ভাৰতীয় দলটোৱে অনুভৱ কৰিছে। নতুনক সুযোগ দিয়াৰ বাবে দুয়োগৰাকী খেলুৱৈয়ে সাময়িক বিৰতি লৈছে। কিন্তু সূৰ্য কুমাৰ যাদৱ,ঈশান কিষাণ,শুভমন গীল আৰু সঞ্জু ছেমছনে দুয়োখন মেচত আশানুৰূপ প্ৰদৰ্শন দাঙি ধৰাত ব্যৰ্থ হৈছিল।
অৱশ্যে টি-২০ সংস্কৰণৰে আন্তৰ্জাতিক ক্ৰিকেটত অভিষেক ঘটা তিলক বাৰ্মাই সুযোগৰ সদ্ব্যহাৰ কৰে। সম্প্ৰতি দুখন মেচত তেওঁ ১টা অৰ্ধশতক অৰ্জন কৰে। ইফালে আজি শৃংখলা দখলৰ লক্ষ্যৰে খেলপথাৰত নামিব ঘৰুৱা দলটো।
২-০ত আগবাঢ়ি থকা ৱেষ্ট ইণ্ডিজে আজিৰ এই মেচখনত জয়ী হ'ব পাৰিলে শৃংখলা দখল কৰিব পাৰিব। আনহাতে ভাৰতীয় দলৰ খেলুৱৈসকলে সকলো ভুল পাহৰি আজিৰ এই মেচখন পূৰ্ণশক্তিৰে অৱতীৰ্ণ হ'ব। বাকী থকা ৩খন মেচত জয়লাভ কৰিব পাৰিলে শৃংখলা ভাৰতৰ দখলত। মেচৰ সময় সন্ধিয়া ৮-বজাত।
Also Read: প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেৰ বাসগৃহত ফেঁটী সাপ