আজি কামাখ্যা দৰ্শনৰ বাবে আহিছিল ৰাণী মুখাৰ্জী, কাৰণ...

৪৫ বছৰীয়া হ'ল বলিউডী মোহমীয়া অভিনেত্ৰী ৰাণী মুখাৰ্জী
আজি কামাখ্যা দৰ্শনৰ বাবে আহিছিল ৰাণী মুখাৰ্জী, কাৰণ...

ডিজিটেল ডেস্ক: ৯০ দশকৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী হ'ল ৰাণী মুখাৰ্জী। "গোলাম" "কোচ কোচ হৌতা হ্যায়" আদি বলিউডী চিনেমাৰ জড়িয়তে জনপ্ৰিয়তা লাভ কৰা অভিনেত্ৰী গৰাকীয়ে অভিনয় কৰিছিল বহু কেইখন বলিউডী ছবিত। সঞ্জয় লীলা ভাঞ্চালীৰ ব্লেক ছবিখনে অভিনেত্ৰী গৰাকীক দিছিল এক অনন্য মাত্ৰা। আনহাতে হিচকি, মৰডানী, বান্টি ঔৰ বাব্লী আদিও ৰাণী মুখাৰ্জীৰ অন্যতম উল্লেখনীয় ছবি।

আজি বলিউডৰ মোহময়ী অভিনেত্ৰী গৰাকীৰ জন্মদিন। ৪৫ বছৰত ভৰি দিলে মোহময়ী অভিনেত্ৰী গৰাকীয়ে। জন্মদিন বিশেষ হিচাপে অভিনেত্ৰী গৰাকীক আজি দেখা গ'ল অসমত। ছবিগৃহত ৯০ দশকতে ভূমুকি মৰা এইগৰাকী অভিনেত্ৰীয়ে আজি জীৱনৰ ৪৫ বছৰ সম্পন্ন কৰাত বিশেষ কাৰ্যসূচী লৈ উপস্থিত হয় অসমত।

জন্মদিনৰ দিনাখন অভিনেত্ৰী গৰাকীক দেখা গ'ল অসমত। অসমত উপস্থিত হৈয়ে অভিনেত্ৰী গৰাকীয়ে নীলাচল পাহাৰস্থিত মা কামাখ্যা ধামলৈ ঢাপলি মেলে। এইয়া আছিল অভিনেত্ৰী গৰাকীৰ জন্মদিন বিশেষ কাৰ্যসূচী। জন্মদিনৰ উপলক্ষে মা কামাখ্যাৰ আশীৰ্বাদ ল'লে বলিউডৰ অভিনেত্ৰী গৰাকীয়ে।

মন কৰিব লগীয়া কথা যে, কামাখ্যা ধামলৈ বিগত কেইটামান দিনৰ পৰা বলিউডৰ জগতখনৰ অভিনেতা-অভিনেত্ৰাৰ সোঁত বৈছে। যি অৱশ্যেই ভাল লগা কথা অসমৰ পৰ্যটন ক্ষেত্ৰক বাবে। মা কামাখ্যাৰ শক্তি তথা জনবিশ্বাসক যেন একমুখেই আঁকোৱালি লৈছে বলিউড জগতে।

আজি কামাখ্যা দৰ্শনৰ বাবে আহিছিল ৰাণী মুখাৰ্জী, কাৰণ...
মেগাষ্টাৰ ৰজনীকান্ত আৰু এখন ক্ৰিকেট ষ্টেডিয়াম...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in