/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-03/750d0316-650f-456b-98be-44e4956299a3/Rajnikant.jpg)
ডিজিটেল ডেস্ক: তামিল চুপাৰষ্টাৰ ৰজনীকান্তক আপুনি নিশ্চয় চিনি পায়। অভিনেতা গৰাকী যে মাত্ৰ অভিনয় জগতখনৰ লগতে জড়িত নহয় সেইয়াও আমি জ্ঞাত। অভিনেতা গৰাকীয়ে অভিনয় জগতৰ উপৰিও ক্ৰীড়া ক্ষেত্ৰৰ লগত জড়িত হৈ থাকে। আজৰি সময় পালেই অভিনেতা গৰাকীয়ে অতিবাহিত কৰে ক্ৰীড়াৰ ক্ষেত্ৰত। বিশেষ কৈ নিজকে ব্যস্ত কৰি ৰাখে ক্ৰিকেট খেলৰ লগত।
খেলৰ লগত জড়িত হোৱাৰ বাবেই অভিনেতা গৰকীয়ে খবৰ ৰাখে ক্ৰীড়া জগতৰ। শেহতীয়াকৈ অভিনেতা গৰাকীয়ে তামিলনাডুত গঢ়ি উঠা এখন ক্ৰিকেট একাডেমী তথা ষ্টেডিয়ামৰো পৰ্যবেক্ষণ কৰে। সময়ে সময়ে আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেট খেল উপভোগ কৰা অভিনেতা গৰাকীয়ে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ ODI খেল উপভোগ কৰি অনুৰাগী সকলক খেলৰ প্ৰতি আকৰ্ষিত হ'বলৈ অনুপ্ৰেৰণা যোগায়।
তদুপৰি অভিনেতা গৰাকীয়ে শেহতীয়া ভাৱে তামিলনাডুত উদ্বোধন কৰা ক্ৰিকেট ষ্টেডিয়ামত উপস্থিত হৈ অভিনন্দন জনাই। বিগত ১৭ মাৰ্চত তামিলনাডুত উদ্বোধন কৰা ক্ৰিকেট প্ৰশিক্ষণ কেন্দ্ৰ তথা ষ্টেডিয়াম খনিৰ লগত জড়িত প্ৰতিগৰাকীক অভিনন্দন জনায় কয় যে, প্ৰশিক্ষণ কেন্দ্ৰ তথা ষ্টেডিয়ামটিয়ে তামিলনাডুৰ ক্ৰীড়া জগতত সু-প্ৰভাৱ পেলাব।
উল্লেখ্য যে, তামিল নাডুৰ মামাল্লাপুৰামত নতুনকৈ প্ৰতিষ্ঠা কৰা এই ষ্টেডিয়াম ২৩ একৰ ভূমিত অৱস্থিত।
Also Read: আজি বিশ্ব ঘৰচিৰিকা দিৱস!
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us