ৰামুজী ফিল্ম চিটিৰ অধ্যক্ষ ৰামুজী ৰাওৰ দেহাৱসানঃ চিনেমা উদ্যোগত শোক...

দেশৰ চিনেমা, উদ্যোগ, সংবাদ ক্ষেত্ৰলৈ আগবঢ়াই গৈছে অৰহিণা
ৰামুজী ফিল্ম চিটিৰ অধ্যক্ষ ৰামুজী ৰাওৰ দেহাৱসানঃ চিনেমা উদ্যোগত শোক...
ৰামুজী ফিল্ম চিটিৰ অধ্যক্ষ ৰামুজী ৰাওৰ দেহাৱসানঃ চিনেমা উদ্যোগত শোক...

ডিজিটেল ডেস্কঃ ৰামুজী ফিল্ম চিটিৰ অধ্যক্ষ ৰামুজী ৰাও আৰু নাই। শনিবাৰে পুৱা ৮৭ বছৰত শেষ নিশ্বাস কৰে প্ৰসিদ্ধ সাংস্কৃতিক কৰ্মী তথা উদ্যোগীগৰাকীয়ে। উল্লেখ্য যে, ৰামুজী ফিল্ম চিটিৰ জৰিয়তে ৰামুজী ৰাওৱে দেশৰ চিনেমা উদ্যোগক এক নতুন মাত্ৰা প্ৰদান কৰিছিল। ইয়াৰোপৰি তেওঁ আছিল দেশৰ সংবাদ ক্ষেত্ৰৰো এগৰাকী অগ্ৰণী ব্যক্তি। ইটিভি নেটৱৰ্ক টেলিভিছন চেনেলৰ তেওঁ আছিল মূৰব্বী।

ৰামুজী ৰাও ৰামুজী ফিল্ম চিটিৰ অধ্যক্ষৰ উপৰিও ইনাডু মেডিয়া গ্ৰুপৰ অধ্যক্ষৰ পদতো আছিল। জানিব পৰা মতে দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা ৰাওৰ হায়দৰাবাদৰ ষ্টাৰ হাস্পতালত চিকিৎসা চলি আছিল।

প্ৰয়াত ৰাওৱে জীৱন কালত ব্যৱসায়ীক সফলতাৰ লগতে মেডিয়া প্ৰডাকচনৰ জৰিয়তে উদ্যোগ ক্ষেত্ৰত তেওঁৰ নাম সোণালী আখৰেৰে খুদিত কৰি যাবলৈ সক্ষম হৈছে। তেওঁৰ অধীনতে ইনাডু মেডিয়া গ্ৰুপ হৈ পৰিছিল তেলুগু চিনেমা উদ্যোগৰ প্ৰধান শক্তি।

এই দুই উদ্যগোৰ উপৰিও তেওঁ আছিল প্ৰডাকচন হাউচ উষা কিৰণ মভিছ, চিনেমা বিতৰক কোম্পানী ময়ূৰী ফিল্ম ডিষ্ট্ৰিবিউটৰ, ফাইনেন্সিয়েল ছাৰ্ভি মাৰগাডাৰ্ছি চিট ফাণ্ড আৰু হোটেল গ্ৰুপ ডলফিন গ্ৰুপ অফ হোটেল আদিৰ প্ৰতিষ্ঠানৰ মূৰব্বী। উল্লেখ্য প্ৰয়াত ৰাওৱে ২০১৬ ত লাভ তদানীন্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ পৰা লাভ কৰিছিল পদ্ম বিভূষণ সন্মান।

ৰামুজী ফিল্ম চিটিৰ অধ্যক্ষ ৰামুজী ৰাওৰ দেহাৱসানঃ চিনেমা উদ্যোগত শোক...
চাংকিত পথ দুৰ্ঘটনা টীয়কৰ চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ ২ শিক্ষাৰ্থীৰ মৃত্যু

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in