চাংকিত পথ দুৰ্ঘটনা টীয়কৰ চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ ২ শিক্ষাৰ্থীৰ মৃত্যু

চুবুৰীয়া নাগালেণ্ডৰ চাংকিৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগৰ বাবৈ গৈছিল দুয়ো
চাংকিত পথ দুৰ্ঘটনা টীয়কৰ চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ ২ শিক্ষাৰ্থীৰ মৃত্যু
চাংকিত পথ দুৰ্ঘটনা টীয়কৰ চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ ২ শিক্ষাৰ্থীৰ মৃত্যু
  • চুবুৰীয়া নাগালেণ্ডৰ চাংকিত অসমৰ দুই শিক্ষাৰ্থীৰ কৰুণ মৃত্যু।

  • এক পথ দুৰ্ঘটনাত পতিত হৈ মৃত্যু হয় শিক্ষাৰ্থী দুগৰাকীৰ।

  • স্কুটিসহ প্ৰায় ২০০ ফুট দ' খাৱৈত পৰি মৃত্যু শিক্ষাৰ্থী দুগৰাকীৰ।

  • ছাত্ৰ দুজন ক্ৰমে আকাশ গোৱালা আৰু দ্বীপজ্যোতি গগৈ।

  • আন তিনি সতীৰ্থৰ সৈতে দুয়ো গৈছিল চাংকিলৈ।

  • টীয় চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ শিক্ষাৰ্থী আছিল আটাইকেইজন।

  • সতীৰ্থৰ সৈতে চাংকিৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ গৈছিল তেওঁলোক।

  • দুৰ্ঘটনা সংঘটিত হোৱা স্কুটিখনৰ নম্বৰ এ এছ ০৪ এ বি ৯৯৭৪ ।

  • ইতিমধ্যে নাগালেণ্ড আৰক্ষীয়ে টীয়ক আৰক্ষীৰ সৈতে যোগাযোগ কৰিছে।

  • আজি দুপৰীয়াৰ ভিতৰত দুয়ো ছাত্ৰৰ মৃতদেহ স্বগৃহলৈ অনাৰ কথা।

  • আকাশ গোৱালা নামৰ শিক্ষাৰ্থীজনৰ ঘৰ শিৱসাগৰ জিলাৰ জাঁজিৰ গড়মূৰ বামুনগাঁৱত।

  • দ্বীপজ্যোতি গগৈৰ ঘৰ টীয়কৰ তামুলীচুকিয়াত।

  • ঘটনাক কেন্দ্ৰ কৰি টীয়কৰ লগতে তেওঁলোকে অধ্যয়নৰত মহাবিদ্যালয়খনতো শোকাকুল পৰিবেশ।

চাংকিত পথ দুৰ্ঘটনা টীয়কৰ চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ ২ শিক্ষাৰ্থীৰ মৃত্যু
কামপুৰত বালি মাফিয়াৰ দাৰ আক্ৰমণত গুৰুতৰভাৱে আহত আহত যুৱক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in