বাংগালুৰুৰ কেফে বিস্ফোৰণ কাণ্ড : মূল অভিযুক্তক চিনাক্ত,ষড়যন্ত্ৰকাৰীক গ্ৰেপ্তাৰ

নিয়াৰ হাতত গ্ৰেপ্তাৰ হোৱা ধৃত মুজ্জামিল শ্বৰীফ চিক্কামাগলুৰুৰ কালাচা চহৰৰ বাসিন্দা।

author-image
Asomiya Pratidin
New Update
বাংগালুৰুৰ কেফে বিস্ফোৰণ কাণ্ড : মূল অভিযুক্তক চিনাক্ত,ষড়যন্ত্ৰকাৰীক গ্ৰেপ্তাৰ

ডিজিটেল ডেস্ক : বাংগালুৰুৰ ৰামেশ্বৰম কেফেত সংঘটিত আই ই ডি বিস্ফোৰণ কাণ্ডৰে জড়িত মূল অভিযুক্তসহ ষড়যন্ত্ৰকাৰীক শুকুৰবাৰে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই চিনাক্ত কৰিছে। উক্ত ঘটনাৰ পাছতেই নিয়াই বিভিন্ন স্থানত চলাই থকা অনুসন্ধানৰ মাজত আজি মূল অভিযুক্ত মুচাভিৰ শাজিব হুছেইন নামৰ লোকজনক চিনাক্ত কৰে।

Advertisment

সমান্তৰালকৈ উক্ত ঘটনাৰ ষড়যন্ত্ৰকাৰী হিচাপে জড়িত থকাৰ সন্দেহত মুজাম্মিল শ্বৰীফ নামৰ ধৃত লোকজনক নিয়াই গ্ৰেপ্তাৰ কৰে। ইয়াৰোপৰি এই ঘটনাৰে জড়িত আব্দুল মাথীন তাহা নামৰ লোকজনক চিনাক্ত কৰিছে যদিও তেওঁৰ সন্ধানত সংস্থাটোৱে সম্প্ৰতি অনুসন্ধান চলাই আছে। এক সূত্ৰই জনোৱা অনুসৰি ধৃত আব্দুল মাথীন শীঘ্ৰেই নিয়াৰ জালত পৰিব।

জানিব পৰামতে নিয়াৰ হাতত গ্ৰেপ্তাৰ হোৱা ধৃত মুজ্জামিল শ্বৰীফ চিক্কামাগলুৰুৰ কালাচা চহৰৰ বাসিন্দা। তেওঁ বাসবেশ্বৰ নগৰৰ ওচৰৰ বেংগালুৰুৰ এখন ৰেষ্টুৰেণ্টত নিযুক্ত আছিল।

উল্লেখ্য যে, শ্বৰীফক বুধবাৰে আটক কৰি নিয়াৰ জিম্মাত ৰখা হৈছিল। নিয়াই তেওঁৰ ঘৰত চলোৱা তালাচীত বিস্ফোৰণ কাণ্ডৰে সম্পৰ্ক থকা বহু গুৰুত্বপূৰ্ণ প্ৰমাণ শ্বৰীফৰ ঘৰৰ পৰা উদ্বাৰ কৰিছিল। অৱশ্যে ধৃত শ্বৰীফৰ ঘৰত কি কি তথ্য উদ্বাৰ কৰিছিল সেয়া এতিয়ালৈ ৰাজহুৱা কৰা নাই।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, কিছুদিন পূৰ্বে ব্যস্ত চহৰ বাংগালুৰুৰ ৰামেশ্বৰম কেফেত সংঘটিত হৈছিল আই ই ডি বিস্ফোৰণ কাণ্ড। এই ঘটনাত কেফেখনৰ কৰ্মচাৰী, গ্ৰাহককে ধৰি মুঠ ১০ গৰাকী লোক আহত হৈছিল।

উক্ত ঘটনাৰ পাচৰে পৰা নিয়াই চলোৱা এই অনুসন্ধানত মূল অভিযুক্তসহ আন আন লোক গ্ৰপ্তাৰ হোৱা সম্ভাৱনা আছে।

Also Read: ৰামেশ্বৰম কেফে বিস্ফোৰণঃ মাস্ক, চছমা, টুপী পৰিহিত ব্যক্তিৰ সন্ধানত আৰক্ষী...

National Investigation Agency bengaluru Rameshwaram Cafe