ৰামেশ্বৰম কেফে বিস্ফোৰণঃ মাস্ক, চছমা, টুপী পৰিহিত ব্যক্তিৰ সন্ধানত আৰক্ষী...

চিচিবিৰ ৮ টা দলে বিভিন্ন ৰাজ্যত চলাইছে অভিযান

author-image
Asomiya Pratidin
New Update
ৰামেশ্বৰম কেফে বিস্ফোৰণঃ মাস্ক, চছমা, টুপী পৰিহিত ব্যক্তিৰ সন্ধানত আৰক্ষী...

ৰামেশ্বৰম কেফে বিস্ফোৰণঃ মাস্ক, চছমা, টুপী পৰিহিত ব্যক্তিৰ সন্ধানত আৰক্ষী...

ডিজিটেল ডেস্কঃ বেংগালুৰুৰ ৰামেশ্বৰমত সংঘটিত হোৱা বিস্ফোৰণৰ সৈতে জড়িতক চিনাক্ত কৰিছে আৰক্ষীয়ে। মুখত মাস্ক, ক'লা চছমা আৰু টুপী পৰিহিত এজন ব্যক্তিয়ে কঢ়িয়াই আনিছিল বিস্ফোৰক সামগ্ৰী।

Advertisment

উল্লেখ্য যে, ৰামেশ্বৰমৰ কেফেত শুকুৰবাৰে সংঘটিত হৈছিল এক বিস্ফোৰণ। ইয়াৰ পিছতে স্থানীয় আৰক্ষী থানাত ৰুজু হোৱা এক গোচৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। প্ৰাৰম্ভিক তদন্ত অনুসৰি মাস্ক, চছমা আৰু টুপী পৰিহিত লোকজনে এখন বেগত বিস্ফোৰক সামগ্ৰী আনি কেফেখনত ৰাখিছিল।

ইয়াৰোপৰি কেফেখনত তেওঁ কিছু খাদ্য অৰ্ডাৰ কৰি খাইছিল যদিও বেগখন তাতেই এৰি গুচি গৈছিল। কেফেখনৰ চিচিটিভি ফুটেজত এই দৃশ্য ধৰা পৰিছে। তদন্তকাৰী আৰক্ষীয়ে এই ব্যক্তিজনৰ সন্ধানত এতিয়া অভিযান আৰম্ভ কৰিছে। চুবুৰীয়া কেৰালা আৰু তামিলনাডু আদি ৰাজ্যতো এই ব্যক্তিজনৰ বিৰুদ্ধে চলিছে অভিযান।

উল্লেখ্য যে এই বিস্ফোৰণত কেফেখনৰ কৰ্মচাৰী, গ্ৰাহককে ধৰি মুঠ ১০ জন লোক আহত হৈছে। উল্লেখ্য যে, এই বিস্ফোৰণৰ গোচৰৰ তদন্তৰ দায়িত্ব দিয়া হৈছে চিচিবিক। মুঠ ৮ টা দলে সমগ্ৰ ঘটনাৰ তদন্ত চলাইছে।

Also Read: ঢকুৱাখনাত বিয়াৰ অভ্যৰ্থনাৰ মাজতে বিধ্বংসী অগ্নিকাণ্ড...

বিস্ফোৰণ বেংগালুৰু