ৰাম মন্দিৰ : ৩টা প্ৰতিমূৰ্তিৰ ভিতৰত চূড়ান্ত হ'ব ৰামৰ প্ৰতিমূৰ্তি

২২ জানুৱাৰীৰ দিনা অযোধ্যাত উপস্থিত থাকিব অভিনেতা-অভিনেত্ৰীৰ পৰা আদি কৰি ৰাজনৈতিক নেতা তথা দেশৰ বিভিন্ন ক্ষেত্ৰৰ উল্লেখযোগ্য ব্যক্তিসকল

author-image
Asomiya Pratidin
New Update
ৰাম মন্দিৰ : ৩টা প্ৰতিমূৰ্তিৰ ভিতৰত চূড়ান্ত হ'ব ৰামৰ প্ৰতিমূৰ্তি

ডিজিটেল ডেস্ক : প্ৰস্তুতি প্ৰায় তুংগত। যুদ্ধকালীন গতিৰে চলিছে ৰাম মন্দিৰ নিৰ্মাণৰ শেষ পৰ্যায়ৰ কাম-কাজ। বাহিৰে-ভিতৰে সজাই-পৰাই তোলা হৈছে অযোধ্যাৰ ৰাম মন্দিৰ। নৱবৰ্ষৰ প্ৰথমটো মাহত অৰ্থাৎ ২২ জানুৱাৰীৰ দিনা প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব বহু প্ৰতীক্ষিত ৰাম মন্দিৰৰ। সমাগম হ'ব হাজাৰ হাজাৰ ভক্তৰ।

Advertisment

ৰাম মন্দিৰ ন্যাসে ইতিমধ্যে উক্ত দিনাৰ ভক্তসকলৰ বাবে প্ৰস্তুত কৰিছে বিশেষ ব্যৱস্থা। অতিথিসকলৰ থকা-খোৱাৰ উপৰি প্ৰসাদ আদিৰো সুব্যৱস্থা কৰা বুলি জানিব পৰা গৈছে। ২২ জানুৱাৰীৰ দিনা অযোধ্যাত উপস্থিত থাকিব অভিনেতা-অভিনেত্ৰীৰ পৰা আদি কৰি ৰাজনৈতিক নেতা তথা দেশৰ বিভিন্ন ক্ষেত্ৰৰ উল্লেখযোগ্য ব্যক্তিসকল।

ন্যাসৰ বিষয়ববীয়াই জনোৱা মতে, যিটো প্ৰতিমূৰ্তিৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব সেই প্ৰতিমূৰ্তি সন্দৰ্ভত আগন্তুক দুদিনৰ ভিতৰত চূড়ান্ত কৰা হ'ব। ইতিমধ্যে ৩টা প্ৰতিমূৰ্তি সাজু কৰি ৰখা হৈছে। ইয়াৰে যিকোনো এটাহে ৰামৰ প্ৰতিমূৰ্তি নিৰ্বাচিত কৰি বহু প্ৰতিক্ষীত ৰাম মন্দিৰত প্ৰাণ প্ৰতিষ্ঠা কৰিব।

ইফালে অতিথিসকলৰ সুৰক্ষা আৰু নিৰাপত্তাৰ বাবে প্ৰশাসনে কেতবোৰ গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰিছে। নিয়োগ কৰা হ'ব সহস্ৰাধিক স্বেচ্ছাসেৱক।

Also Read: বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অবিহনে চলিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাম-কাজ...

ayodhya ram mandir Ram