বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অবিহনে চলিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাম-কাজ...

বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অবিহনে চলিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাম-কাজ...

author-image
Asomiya Pratidin
New Update
বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অবিহনে চলিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাম-কাজ...

বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অবিহনে চলিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাম-কাজ...

ডিজিটেল সংবাদ কাজিৰঙাঃ বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ অবিহনে চলিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাম-কাজ ৷ পৰ্যটনৰ ভৰপকৰ সময়তো স্থায়ী কাৰ্যালয় নাই কাজিৰঙা বা কহঁৰা বনাঞ্চলিক বিষয়াৰ ৷

মন কৰিবলগিয়া যে ৰাষ্ট্ৰীয় উদ্যানখনৰ পূব অসম বন্যপ্ৰাণী সংমণ্ডলৰ অন্তৰ্গত চাৰিটা বনাঞ্চলৰ ভিতৰত অতি গুৰুত্বপূৰ্ণ কাজিৰঙা বা কহঁৰা বনাঞ্চল৷ বিপৰীতে প্ৰায় এবছৰে অস্থায়ীভাৱে চলি আছে কাৰ্যালয়টোৰ কামকাজ ৷

কাৰণ প্ৰায় এবছৰৰ পূৰ্বে নতুনকৈ নিৰ্মাণ কৰাৰ আঁচনিৰে ভাঙি পেলোৱা হৈছিল কঁহৰা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়টো ৷ তাৰপাছত নিৰ্মাণৰ কাম আৰম্ভ হ’ল যদিও অজ্ঞাত কাৰণত বন্ধ হৈ পৰিল নিৰ্মাণ কাৰ্য৷ পৰিণতিত দৃষ্টিকটুভাৱে পৰি ৰ’ল কাৰ্যালয়টোৰ নামফলককে ধৰি অন্যান্য সামগ্ৰী।

যি সময়ত স্থানীয় লোকৰ লগতে দেশী, বিদেশী পৰ্যটকৰ অভাৱ, অভিযোগৰ লগতে তথ্যৰ বাবে কাৰ্যালয়টোৰ প্ৰয়োজনীয়তা আছে তেনে সময়ত এটা স্থায়ী কাৰ্যালয় নোহোৱাত স্বাভাবিকতে সৃষ্টি হৈছে প্ৰতিক্ৰিয়া। এনে পৰিস্থিতিত কাৰ্যালয়টো নিৰ্মাণ অতি শীঘ্ৰে সম্পূৰ্ণ কৰিবলৈ দাবী, দল সংগঠনৰ ৷

Also Read: যোৰহাটৰ লিচুবাৰীৰ সেনা চাউনীৰ গ্ৰেণেড বিস্ফোৰণৰে জড়িত থকাৰ অভিযোগত দুজনক আটক...

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান