ভাল খবৰ ! অতি শীঘ্ৰেই ভক্তৰ বাবে খোল খাব অযোধ্যাৰ ৰাম মন্দিৰ

ভাল খবৰ ! অতি শীঘ্ৰেই ভক্তৰ বাবে খোল খাব অযোধ্যাৰ ৰাম মন্দিৰ

author-image
Asomiya Pratidin
New Update
ভাল খবৰ ! অতি শীঘ্ৰেই ভক্তৰ বাবে খোল খাব অযোধ্যাৰ ৰাম মন্দিৰ

ডিজিটেল ডেস্ক : দেশবাসীৰ বাবে সুখবৰ। দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্ত ! অৱশেষত ভক্তৰ ধূপ-ধূনা,শৰাই-নৈবদ্যৰ বাবে সাজু ৰাম মন্দিৰ। অহা বছৰৰ আৰম্ভণিতে ভক্তৰ বাবে মুকলি কৰাৰ সম্ভাৱনা ৰাম জন্মভূমি অযোধ্যাৰ নৱনিৰ্মিত ৰাম মন্দিৰ।

Advertisment

বুধবাৰে সংবাদ মাধ্যমৰ সন্মুখত ৰাম মন্দিৰ পৰিচালনা সমিতিৰ এগৰাকী ব্যক্তিয়ে এই কথা উল্লেখ কৰে। তেওঁ কয় যে, ২০২৪ চনৰ ২৪ জানুৱাৰীৰ ভিতৰত সমূহ ভক্তৰ বাবে ৰাম মন্দিৰ মুকলি কৰিব পৰা যাব।

সমাগত বৰ্ষৰ ১৪ৰ পৰা ২৪ জানুৱাৰীলৈকে ১০ দিনীয়া এক অনুষ্ঠান অনুষ্ঠিত কৰা হ'ব। লগতে তেওঁ নিৰ্মাণ সন্দৰ্ভত উল্লেখ কৰে যে, তিনিমহলীয়া ৰাম মন্দিৰৰ ভূ-মহলাৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে। এইক্ষেত্ৰত ৰাম মন্দিৰ ন্যাসে সিদ্ধান্ত লৈছে যে, ১৪ জানুৱাৰীৰ মকৰ সংক্ৰান্তিৰ পিচতেই মন্দিৰটো মুকলি কৰাৰ বাবে চিন্তা-চৰ্চা চলাই থকা হৈছে।

জ্যোতিষীয়ে জনোৱা অনুসৰি ২১,২২,২৪ আৰু ২৫ জানুৱাৰীৰ দিনকেইটি মন্দিৰ মুকলিৰ বাবে শুভ দিন। সেয়ে এইদিনকেইটিৰ ভিতৰত ৰাম মন্দিৰ মুকলি কৰাৰ বাবে চিন্তা চলোৱা হৈছে বুলি মন্দিৰ পৰিচালনা সমিতিৰ অধ্যক্ষ নৃপেন্দ্ৰ মিশ্ৰই জানিবলৈ দিয়ে।

Also Read: বিশ্বত যোগ দিৱসৰ নেতৃত্ব দিছে জনপ্ৰিয় নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে : মুখ্যমন্ত্রী

ayodhya