/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/7d68de94-f38a-4710-8887-8e91fc5d444b/himanta_da.jpg)
ডিজিটেল ডেস্ক : অসম চৰকাৰৰ উদ্যোগত ধুবুৰীৰ ঝগৰাৰপাৰ মিনি ষ্টেডিয়ামত আয়োজন কৰা হৈছে নৱম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। নৱম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ ৰাজ্যিক পৰ্যায়ৰ কাৰ্যসূচীত বুধবাৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই অংশগ্রহণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/55823b73-d106-4c96-9262-e4b0a55a0c6b/1cd3cd00_e33d_4046_b485_2e43fefa31f8.jpg)
এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে আজি এক গৌৰৱৰ দিন। গৌৰৱোজ্জ্বল ভাৰতীয় সভ্যতা-সংস্কৃতিৰ অমূল্য অৱদান ‘যোগ’ আজি সমগ্র বিশ্বই আঁকোৱালি লৈ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/6f64d9d9-8268-4f97-b43e-127ca187869d/d1b086b3_569b_4f6e_b341_8df243bbe1c7.jpg)
‘বসুধৈৱ কুটুম্বকমৰ বাবে যোগ শীৰ্ষক বিষয়বস্তুৰে এক পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যতৰ বাবে আমাৰ সামূহিক আকাংক্ষাক সুন্দৰভাৱে সামৰি লৈ বিশ্ববাসীয়ে নৱম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰিছে। মুখ্যমন্ত্ৰীয়ে কয় যে "ৰাষ্ট্ৰ সংঘত এইবাৰ বিশ্ব মঞ্চত এই যোগ দিৱসৰ নেতৃত্ব দিছে সকলোৰে শ্ৰদ্ধাৰ, বিশ্বৰ সৰ্বাধিক জনপ্রিয় নেতা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এইয়া আমাৰ প্ৰতিগৰাকী ভাৰতবাসীৰ বাবে গৌৰৱৰ বিষয়।"
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/1e6614c8-8dee-4202-bb8a-bbf60a7a923b/c5eb5b1b_c4cd_42f2_9dfb_eaa213b43ec7.jpg)
তেওঁ লগতে কয় যে সনাতন সভ্যতা আৰু সংস্কৃতিৰ বহ্নিমান ধাৰাৰে ভাৰতবৰ্ষ প্ৰাচীন কালৰে পৰা জ্ঞান, প্রজ্ঞা আৰু ঐতিহ্যৰ অমূল্য সম্ভাৰেৰে সমৃদ্ধ। বহু শতাব্দীজুৰি অগণন আক্ৰমণ আৰু ধ্বংসৰ সন্মুখীন হোৱা স্বত্বেও, ভাৰতীয় সভ্যতা আৰু সংস্কৃতি সগৌৰৱে জিলিকি আছে বুলি উল্লেখ কৰি তেওঁ কয় যে আধ্যাত্মিকভাৱে বিকশিত এই পবিত্র ভূমিত ঋষি-মুনিসকলে যুগ যুগ ধৰি যোগ, ধ্যান আৰু জ্ঞানৰ চৰ্চা কৰি আহিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/dc599389-b4b4-4123-b4d6-4db631e1f194/1b25fdba_9380_4031_b649_449b08f430d5.jpg)
আশ্ৰম আৰু গুৰুকুলসমূহে সমাজত সনাতন মূল্যবোধ আৰু আদৰ্শ প্রোথিত কৰিছে। প্রাচীন কালৰে পৰা জ্ঞান চৰ্চাৰ অন্যতম কেন্দ্ৰ হিচাপে ভাৰতবৰ্ষ বিবেচিত হৈ আহিছে। সনাতন ধৰ্মৰ আধাৰত গঢ় লোৱা ভাৰতীয় চৈতন্যই জ্ঞানৰ সাধনাক ভাৰতৰ মুখ্যতম ধৰ্ম বুলি স্বীকৃতি দিয়া বুলি উনুকিয়াই সনাতন এই বাবেই উদয় হৈছিল যে, অতীজৰ পৰা ভাৰতভূমিত নৈতিকতা, দর্শন,সাহিত্য,বিজ্ঞান আৰু সংস্কৃতিৰ প্ৰতি জনতাই গভীৰতম শ্ৰদ্ধা পোষণ কৰিছিল বুলি তেওঁ কয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/e7c43eba-813c-4f94-98b1-b935ef04c02b/b7142a16_f810_414d_a535_2e7011f7c6af.jpg)
আনহাতে প্রতিকূল বতৰকো নেওচি কাৰ্যসূচীত যোগদান কৰাৰ বাবে তেওঁ ধুবুৰীবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰে। আজিৰ এই কাৰ্যসূচীত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ আদি বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত, সাংস্কৃতিক পৰিক্রমা মন্ত্রী বিমল বৰা, সাংসদ পবিত্র মাৰ্ঘেৰিটা, স্বাস্থ্য বিভাগৰ প্রধান সচিব অবিনাশ ঘোশী, উপায়ুক্ত দিবাকৰ নাথৰ লগতে গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/7279ab90-c154-4ac8-8d92-d0c0410252a7/6d90b3e7_6b40_4377_b056_d63cf36e468d.jpg)
Also Read: অসম সাহিত্য সভাৰ সাংস্কৃতিক উপ-সমিতিৰ উদ্যোগত ৰাভা দিৱস উদযাপন