আদিপুৰুষ আছিল বিফলতা! ৰাম ছিয়া ৰামৰ আঁৰৰ মানুহজন...

আদিপুৰুষ আছিল বিফলতা!  ৰাম ছিয়া ৰামৰ আঁৰৰ মানুহজন...

ডিজিটেল ডেস্কঃ অযোধ্যালৈ ৰাম আহিল! ৫৫০ বছৰীয়া পৰিক্ৰমাৰ অন্ত পেলাই ২২ জানুৱাৰীত অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হ'ল। ভগৱান ৰাম আমাৰ আবেগ। ৰাম নাম উচ্চাৰণ স্বতঃস্ফূর্তভাৱে কৰো আমি। সুখ দুখ বুলি কথা নাই, আমি ৰামক স্মৰণ কৰাতো স্বাভাৱিক। সেয়ে সকলো ৰামভক্তৰ বাবে আজি এই ক্ষণ ঐতিহাসিক।

ভগৱান ৰামৰ বিষয়ে আমি বিভিন্ন কথা শুনি আহিছো, পঢ়ি আহিছো, ধাৰাবাহিক বা চলচ্চিত্ৰত দেখি আহিছো। এনে এখন ছবি আদিপুৰুষ। কিন্তু এই ছবি খন মুক্তিৰ পাছতেই বিবাদ সৃষ্টি হৈছিল। ভগৱান ৰামক বিকৃতভাৱে বা কাহিনী, চিত্ৰনাট্য ভুলকৈ উপস্থাপন কৰাৰ বাবে সমগ্ৰ দেশত বিবাদ আৰম্ভ হৈছিল। এই সকলোবোৰৰ মাজত টাৰ্গেট কৰি লোৱা হৈছিল ৰামায়নৰ ওপৰত আধাৰিত কৰি লিখা ছবিখনৰ লেখক মনোজ মুন্তাশিৰক। বিবাদ ইমানেই বৃদ্ধি পাইছিল যে মনোজ মুন্তাশিৰে ছ'চিয়েল মিডিয়াৰ পৰা বিৰতি লৈছিল।

তাৰ পাছতেই তেওঁ স্পষ্টীকৰণ দিছিল যে আদিপুৰুষ নিৰ্মাণত তেওঁ যথেষ্ঠ ভুল হৈছিল। তেওঁ কৈছিল যে কোনো ভগৱানত আঘাত কৰাৰ বাবে তেওঁ এয়া কৰা নাছিল। এয়া ভুল আছিল। এই ছবিখনৰ বিবাদে তেওঁৰ ব্যক্তিগত জীৱনতো প্ৰভাৱ পেলাইছিল। তেওঁ বিচাৰিছিল সুযোগ।

কিন্তু হঠাতে আকৌ চৰ্চালৈ আহিছে মনোজ মুন্তাশিৰ। ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ সময়ত এটা গীত যথেষ্ঠ ভাইৰেল হৈছে ''ৰাম ছীয়া ৰাম'' শীৰ্ষক এটি গীত। এই গীতটি আদিপুৰুষ নামৰ ছবিখনৰেই আৰু ইয়াৰ গীতিকাৰ মনোজ মুন্তাশিৰ।

যিজন মনোজ মুন্তাশিৰক সকলোৱে এটা সময়ত ট্ৰোল কৰিছিল আৰু তেওঁৰ ৰচিত গীতেই সকলোফালে বাজি আছে। এয়া যেন এক প্ৰকাৰৰ সফলতা। তেওঁ লিখা গীতৰ ভিতৰত- লুট গয়েস, তুম হী হ্যো, চনম ৰে, কোন তুজে যু প্যাৰ কৰেগা আদি। তেওঁ ৰাম ভজনো গায়।

এয়া যেন এক সফলতা। আদিপুৰুষে বিফলতা দিয়াৰ বিপৰীতে মনোজ মুন্তাশিৰক পুনৰ যেন উজলাই তুলিছে 'ৰাম ছীয়া ৰামে'। এয়া যেন ৰামৰে আশীৰ্বাদ!

আদিপুৰুষ আছিল বিফলতা!  ৰাম ছিয়া ৰামৰ আঁৰৰ মানুহজন...
সুদীৰ্ঘ পৰিক্ৰমাৰ অৱসানঃ আজি ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in