/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-01/506ef09f-64d9-43bd-bc13-4e6318957332/nepal_shilagram.jpg)
ডিজিটেল ডেস্ক : নেপালৰ পৰা দুটা বিশাল শিলাখণ্ড অযোধ্যালৈ অনা হৈছে । ইয়াৰে পৰাই অযোধ্যাৰ বিখ্যাত ৰাম মন্দিৰৰ ৰাম আৰু সীতাৰ মূৰ্তি নিৰ্মাণ কৰা হ'ব । বিশেষজ্ঞৰ দাবী অনুসৰি এই শিলাখণ্ড প্ৰায় ছয় কোটি বছৰ পুৰণি ।
বিগত ২৬ জানুৱাৰীত নেপালৰ পোখৰাত অৱস্থিত শালীগ্ৰামী নদী ( কালী গণ্ডকী) নদীৰ পৰা দুটুকুৰা বিশাল শিলাখণ্ড ট্ৰাকেৰে অযোধ্যালৈ প্ৰেৰণ কৰা হৈছে । এটুকুৰা শিলৰ ওজন ২৬ টন আৰু আন এটুকুৰাৰ ওজন ১৮ টন । অযোধ্যাত অহা ২ ফেব্ৰুৱাৰীত শিলাখণ্ড আহি পোৱাৰ সম্ভাৱনা আছে ।
উল্লেখ্য যে, নেপালত শালিগ্ৰামী নদীৰূপে পৰিচিত নৈখন ভাৰতত প্ৰৱেশ কৰাৰ পিচত নাৰায়নী নাম লাভ কৰিছে । অৱশ্যে চৰকাৰী কাগজে-পত্ৰই এই নদীখনৰ নাম ৰখা হৈছে কালী গণ্ডকী । ভাৰতলৈ অহাৰ পথত এই শিলাখণ্ডৰ সৈতে প্ৰায় এশজন ব্যক্তিয়েও যাত্ৰা কৰিব ।
আনহাতে, জনশ্ৰুতি অনুসৰি সীতাৰ জন্ম এই নেপালতেই । বৰ্তমানৰ নেপালৰ মিথিলাৰ জনকপুৰ ৰাজ্যৰ ৰজা জনকৰ সন্তান হোৱা বাবেই সীতাক জনকনন্দিনী ৰূপেও জনা গৈছিল ।
আৰু পঢ়ক : আজি আনুষ্ঠানিক ভাৱে আৰক্ষী সঞ্চালক প্ৰধানৰ দ্বায়িত্ব ল'ব জি পি সিঙে