আজি আনুষ্ঠানিক ভাৱে আৰক্ষী সঞ্চালক প্ৰধানৰ দ্বায়িত্ব ল'ব জি পি সিঙে

আজি আনুষ্ঠানিক ভাৱে আৰক্ষী সঞ্চালক প্ৰধানৰ দ্বায়িত্ব ল'ব জি পি সিঙে
  • আজি কাৰ্যকাল অন্ত পৰিব ভাস্কৰ জ্যোতি মহন্তৰ

  • আজিৰ পৰা দ্বায়িত্ব গ্ৰহণ কৰিব নৱ নিযুক্ত আৰক্ষী সঞ্চালক প্ৰদান জি পি সিঙে

  • বিদায়ী আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ পৰা অসম আৰক্ষীৰ উলুবাৰীস্থিত মুখ্য কাৰ্যালয়ত জি পি সিঙে আবেলি ৪.৩০ বজাত দ্বায়িত্ব গ্ৰহণ কৰিব

  • ইফালে বিদায়ী ডিজিপি ভাস্কৰ জ্যোতি মহন্তৰ বিদায়ী পেৰেড অনুষ্ঠিত হ'ব স্বতন্ত্ৰ অসম আৰক্ষী বেটেলিয়েনত

  • এই বিদায়ী পেৰেড পুৱা ৯ বজাৰ পৰা অনুষ্ঠিত হৈছে

  • বিদায়ৰ আগ দিনা ভাস্কৰ জ্যোতি মহন্তই মৈত্ৰী আচনিৰ অধীনত নতুনকৈ নিৰ্মাণ কৰা অসম আৰক্ষীৰ এটা বিশ্ৰামালয় উদ্বোধন কৰে

  • ডিজিপি হিচাপে তেওঁ অংশ লোৱা এইটোৱেই অন্তিম অনুষ্ঠান

  • অসমীয়া প্ৰতিদিন ডিজিটেলক জানিবলৈ দিয়া মতে দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ লোকসকল এই বিশ্ৰামালয়ৰ জৰিয়তে যথেষ্ট উপকৃত হ'ব

  • কৰ্তব্য সম্পাদন, চিকিৎসা, প্ৰশিক্ষণ আদি কাৰণত আৰক্ষীৰ বহু লোক গুৱাহাটীলৈ আহে কিন্তু তেওঁলোক থাকিবলৈ ইয়াৰ পূৰ্বে বিশেষ ব্যৱস্থা নাছিল

  • এই বিশ্ৰামালয় নিৰ্মাণে সেই অভাৱ দূৰ কৰিব

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in