ৰাম মন্দিৰৰ পূজা-পাতলৰ বাবে নিবাৰ্চিত মাত্ৰ ২২ বছৰীয়া পুৰোহিত

ৰাম মন্দিৰৰ পূজা-পাতলৰ বাবে নিবাৰ্চিত মাত্ৰ ২২ বছৰীয়া পুৰোহিত

ডিজিটেল ডেস্ক: মোহিত পাণ্ডে, আপুনি যোৱা ২-৩ মাহত কমেও এবাৰ হ’লেও এই নামটো শুনিছে। মোহিত পাণ্ডে এজন ২২ বছৰীয়া প্ৰচুৰ প্ৰতিভাৱান পুৰোহিত, যাক অযোধ্যাৰ নৱনিৰ্মিত ৰাম মন্দিৰৰ ৰীতি-নীতি সম্পন্ন কৰা ২৯ জন পুৰোহিতৰ এজন হিচাপে বাছনি কৰা হৈছে। গাজিয়াবাদৰ বৈদিক ছাত্ৰৰ পৰা অযোধ্যা ৰাম মন্দিৰত পুৰোহিত হোৱালৈ মোহিত পাণ্ডেৰ যাত্ৰাই সমৰ্পিত শিক্ষা, কঠোৰ প্ৰশিক্ষণ আৰু আধ্যাত্মিক অনুশীলনৰ প্ৰতি গভীৰ প্ৰতিশ্ৰুতিৰ গুৰুত্ব প্ৰতিফলিত কৰে।

মোহিত পাণ্ডেয়ে সমগ্ৰ ভাৰতৰ ৩০০০ আৱেদনকাৰী পুৰোহিতৰ ভিতৰত এক কঠোৰ বাছনি প্ৰক্ৰিয়া অতিক্ৰম কৰি ৰাম মন্দিৰৰ এই গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰে। সংস্কৃত ভাষাত তেওঁৰ দখল তথা দেৱতাক উপাসনা কৰাৰ বাবে প্ৰয়োজনীয় সূক্ষ্ম উচ্চাৰণে তেওঁৰ প্ৰতিভাক প্ৰতিফলিত কৰিছিল। দুধেশ্বৰ বেদ বিদ্যাপীঠত সাত বছৰ অধ্যয়ন কৰাৰ পিছত তেওঁ তিৰুপতিৰ ভেঙ্কটেশ্বৰ বৈদিক বিশ্ববিদ্যালয়ত শিক্ষা দান কৰিছিল। তদুপৰি, এই বিশ্ববিদ্যালয়ৰ পৰাই তেওঁ স্নাতকোত্তৰ ডিগ্ৰী (আচাৰ্য) গ্ৰহণ কৰে আৰু বৰ্তমান পিএইচডিৰ বাবে প্ৰস্তুতি চলাই আছে।

আনুষ্ঠানিকভাৱে পুৰোহিতৰ দায়িত্ব লাভ কৰাৰ আগতে মোহিত পাণ্ডেয়ে আন ২০০ জন পুৰোহিতৰ সৈতে ছয় মহীয়া প্ৰশিক্ষণ গ্ৰহণ কৰিবলগীয়া হৈছিল। এই সময়ছোৱাত নিৰ্বাচিত পুৰোহিতসকলক প্ৰয়োজনীয় জ্ঞান তথা ৰীতি-নীতি সন্দৰ্ভত প্ৰশিক্ষণ প্ৰদান কৰা হৈছিল।ইয়াৰ উদ্দেশ্য আছিল, তেওঁলোকে যাতে ২২ জানুৱাৰীৰ বিশাল অভিষেক অনুষ্ঠানটো প্ৰতিনিধিত্ব কৰিব পাৰে।

ৰাম মন্দিৰৰ পূজা-পাতলৰ বাবে নিবাৰ্চিত মাত্ৰ ২২ বছৰীয়া পুৰোহিত
শ্ৰীৰামৰ ভক্তক আদৰিবলৈ সাজু হৈ উঠিছে সমগ্ৰ আযোধ্যা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in