অবিস্মৰণীয়! হেলিকপ্টাৰৰ পৰা কৰা হ'ব পুষ্পাবৃষ্টি, ৩০ বিধ বাদ্য, ৭০০০ অতিথিয়ে বজাব ঘণ্টা

অবিস্মৰণীয়! হেলিকপ্টাৰৰ পৰা কৰা হ'ব পুষ্পাবৃষ্টি, ৩০ বিধ বাদ্য, ৭০০০ অতিথিয়ে  বজাব ঘণ্টা

ডিজিটেল ডেস্কঃ মাত্ৰ কেইটামান ক্ষণ। কিছু সময় পাছতেই অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হ'ব।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগতে দেশ-বিদেশৰ বহু অতিথি ইতিমধ্যে উপস্থিত হৈছে অযোধ্যাত।

ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ বাবে আছে শুভ ক্ষণ। ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অভিজিৎ ক্ষণত কৰা হ'ব। এই কাৰ্যসূচী দ্বাদশী তিথিৰ অভিজিৎ ক্ষণ, ইন্দ্ৰ যোগ, মৃগৰাশি নক্ষত্ৰ, মেঘ লগ্ন বৃশ্চিক নৱনশত হ'ব। শুভ ক্ষণ দিনৰ ১২ বাজি ২৯ মিনিট আৰু ৮ ছেকেণ্ডৰ পৰা আৰম্ভ হৈ ১২ বাজি ৩০ মিনিট আৰু ৩২ ছেকেণ্ডলৈ আছে। অৰ্থাৎ শুভ ক্ষণ কেৱল ৮৪ ছেকেণ্ডৰ।

ৰাম মন্দিৰৰ আজিৰ এই শুভ ক্ষণৰ বাবে কৰা হৈছে বিশেষ প্ৰস্তুতি। দেশ-বিদেশৰ বিভিন্ন প্ৰান্তৰ পৰা ফুল আনি সজোৱা হৈছে ৰাম মন্দিৰ। প্ৰায় ২০০ কুইন্টল ফুল ব্যৱহাৰ কৰা হৈছে ৰাম মন্দিৰৰ সাজ-সজ্জাত।

জানিব পৰা মতে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ সময়ত প্ৰতিগৰাকী অতিথিৰ হাতত থাকিব ঘণ্টা। সকলোৱে একে সময়ত এই ঘণ্টা বজাব। কোৱা হয় ঘন্টা বজালে নকৰাত্মক শক্তি দূৰ হয়। প্ৰাণ প্ৰতিষ্ঠ কাৰ্যসূচীক অবিস্মরণীয় কৰি তুলিবলৈ আৰতিৰ সময়ত সেনাৰ হেলিকপ্টাৰে অযোধ্যাত পুষ্পাবৃষ্টি কৰিব।

৩০ জন শিল্পীয়ে ৰাম মন্দিৰ চৌহদত বিভিন্ন ভাৰতীয় বাদ্যযন্ত্ৰ বজাই থাকিব। এক অবিস্মৰণীয় হ'ব ৰাম মন্দিৰৰ প্ৰতিষ্ঠাৰ ক্ষণ। সকলো দেশবাসী সাজু এই মহেন্দ্ৰ ক্ষণৰ সাক্ষী হ'বলৈ।

অবিস্মৰণীয়! হেলিকপ্টাৰৰ পৰা কৰা হ'ব পুষ্পাবৃষ্টি, ৩০ বিধ বাদ্য, ৭০০০ অতিথিয়ে  বজাব ঘণ্টা
ৰাম মন্দিৰঃ মাত্ৰ ৮৪ ছেকেণ্ড, কেতিয়া হ'ব অভিজিৎ ক্ষণ? জানক সৱিশেষ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in