শ শ বছৰৰ প্ৰতীক্ষাৰ পিছত স্থায়ী ঠিকনা পালে ৰাম লালাইঃ প্ৰধানমন্ত্ৰী

শ শ বছৰৰ প্ৰতীক্ষাৰ পিছত স্থায়ী ঠিকনা পালে ৰাম লালাইঃ প্ৰধানমন্ত্ৰী

ডিজিটেল ডেস্কঃ ৰামময় সমগ্ৰ দেশ ৷ প্ৰায় ৫০০ বছৰৰ অপেক্ষাৰ অন্তত আজি বহু প্ৰত্যাশিত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হয় ৷ ৰামৰ নামেৰে মুখৰিত সমগ্ৰ দেশ ৷  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ ৰাষ্ট্ৰীয় স্বয়ং সেৱা সংঘৰ প্ৰধান মোহন ভাগৱত আৰু বহু দেশী বিদেশী অতিথিৰ উপস্থিতিত প্ৰাণ প্ৰতিষ্ঠা কাৰ্যসূচী সম্পন্ন হয় ৷ আজি বছৰজোৰা নিৰ্বাসন শেষ কৰি অযোধ্যালৈ উভতি আহিলে পুৰুষোত্তম ৰাম !এই মাহেন্দ্ৰ ক্ষণৰ সাক্ষী হ’ল দেশবাসী ।

প্ৰাণ প্ৰতিষ্ঠাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এখন জনসভাক সম্বোধন কৰে। এই জনসভাতে প্ৰধানমন্ত্ৰীজনে কয়, ‘‘আজি অযোধ্যলৈ আমাৰ ৰাম আহিল। শতিকাৰ ত্যাগ, অপেক্ষা আৰু তপস্যাৰ অন্তত আমাৰ ৰাম আহিল। এই শুভ ক্ষণত সকলোকে শুভেচ্ছা । আমাৰ ৰামলালা এতিয়া দিব্য মন্দিৰত থাকিব। শ শ বছৰৰ প্ৰতীক্ষাৰ পিছত স্থায়ী ঠিকনা পালে ৰাম লালাই। আমাৰ সকলোৰে ওপৰত প্ৰভু শ্ৰীৰামৰ আশীৰ্বাদ বিৰাজমান। ২০২৪ৰ ২২ জানুৱাৰীৰ এই সুৰুযে এই অদ্ভুত আভা লৈ আহিছে। এই তাৰিখটো কেলেণ্ডাৰৰ তাৰিখ নহয়, এয়া এক নতুন কালচক্ৰৰ উদয়। আজিৰ পৰা হাজাৰ হাজাৰ বছৰৰ পাছতো আজিৰ দিনটো চৰ্চা কৰিব। ৰাম ৰাজ্যত কোনো ভেদ-ভাৱ নাই , সকলো সমান। অভিযন্তা শিল্পী আৰি সকলো কাৰ্যকৰ্তাক মই ধন্যবাদ জনাইছো’’।

আহিবলগীয়া সময় ভাৰতৰ বাবে সফলতাৰ হ’ব। আহিবলগীয়া সময় সিদ্ধিৰ হ’ব। এই ৰাম মন্দিৰ সাক্ষী হ’ব ভাৰতৰ উৎকৰ্ষৰ, উদয়ৰ, বিকশিত ভাৰতৰ। এয়া ভাৰতৰ সময়। ভাৰত এতিয়া উন্নতিৰ পথত আগবাঢ়িব।- প্ৰধানমন্ত্ৰী মোডীয়ে কয় ।

উল্লেখ্য যে আজি সন্ধিয়া সন্ধ্যা আৰতিৰে আৰম্ভ হ'ব ৰাম মন্দিৰৰ প্ৰথম আৰতি। পৰৱৰ্তী সময়ত দিনে তিনিবাৰকৈ কৰা হ'ব ৰাম মন্দিৰত আৰতি। ভক্তৰ বাবে দিনে দুবাৰকৈ মূল দ্বাৰ খোলাৰ সিদ্ধান্ত।

শ শ বছৰৰ প্ৰতীক্ষাৰ পিছত স্থায়ী ঠিকনা পালে ৰাম লালাইঃ প্ৰধানমন্ত্ৰী
সোনাৰী চাপৰিত অগ্নিকাণ্ড

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in