সোনাৰী চাপৰিত অগ্নিকাণ্ড

সোনাৰী চাপৰিত অগ্নিকাণ্ড

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ এক ভয়াবহ অগ্নিকাণ্ডত এটা দৰিদ্ৰ পৰিয়ালৰ ঘৰ ভস্মীভূত হয় ঢকুৱাখনা মহকুমাৰ সোনাৰী চাপৰিত। সোমবাৰে দুপৰীয়া প্ৰায় ১১ বজাত সোনাৰী চাপৰি আৰক্ষী চকীৰ অন্তৰ্গত বৰবাৰী গাঁওৰ ৰনোজ পেগুৰ ঘৰত সংঘটিত হয় এক অগ্নিকাণ্ড।

শ্ৰমিক স্বামীৰ অনুপস্থিতিত ঘৰৰ ভিতৰত পেগুৰ পত্নী আৰু ৰোগীয়া কন্যা শুই থকা অৱস্থাতে এটা বিকট শব্দ শুনিবলৈ পাই বাহিৰলৈ ওলাই আহে । এনেতে ঘৰৰ বৈদ্যুতিক মিটাৰটো জ্বলি থকা প্ৰত্যক্ষ কৰি ওচৰৰ ৰাইজক খবৰ দিযে । মাতৃ কন্যা দুয়ো প্ৰাণ বচাই চাং ঘৰৰ তললৈ নামি অহাৰ পাছত ৰাইজক খবৰ দিয়ে । সমীপৰ ৰাইজ আহি অগ্নি নিৰ্বাপনৰ চেষ্টা চলোৱাৰ সময়লৈকে সমগ্ৰ ঘৰটো জুইৰ লেলিহান শিখাই ছানি ধৰে ।

ঘৰৰ লগতে সংলগ্ন ভঁৰালটো জুয়ে ছানি ধৰি বহু পৰিমাণৰ ধান ভস্মীভূত কৰে । ৰাইজৰ তৎপৰতাত কিছু পৰিমাণৰ ধান নিৰপদে উদ্ধাৰ কৰা হয় ।বহু সময়ৰ পাছত ঢকুৱাখনা অগ্নিনিৰ্বাপক বিভাগৰ বাহন গৈ ঘটনাস্থলীত উপস্থিত হৈ নিশ্চিহ্ন ঘৰত জ্বলি থকা জুই নিৰ্বাপন চেষ্টা চলাই।

অগ্নিকাণ্ডৰ কৰাল গ্ৰাসত পৰি দৰিদ্ৰ পেগুৰ সমস্ত আচবাব ,সা সম্পত্তি সম্পূৰ্ণ ৰূপে জাহ যায় । অগ্নিকাণ্ডৰ কাৰণ বৈদ্যুতিক চৰ্ট চাৰ্কিত বুলি ধাৰণা কৰা হৈছে। স্থানীয় ৰাইজে দুৰ্ভগীয়া সৰ্বশ্ৰান্ত পৰিয়ালটোক চৰকাৰী গৃহ আঁচনি প্ৰদানৰ বাবে মহকুমা প্ৰশাসনক দাবী জনাইছে।

সোনাৰী চাপৰিত অগ্নিকাণ্ড
চকিয়াল গাঁৱৰ বৰ নামঘৰৰ অতিথি গৃহৰ আধাৰশিলা স্থাপন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in