ৰাজ্যসভা নিৰ্বাচনৰ দিন ঘোষণা

ৰাজ্যসভা নিৰ্বাচনৰ দিন ঘোষণা

ডিজিটেল ডেস্কঃ ৰাজ্যসভাৰ ৫৬খন আসনৰ বাবে নিৰ্বাচনৰ দিন ঘোষণা। ২৭ ফেব্রুৱাৰীত হ’ব ১৫খন ৰাজ্যৰ ৫৬খন আসনৰ বাবে নিৰ্বাচন। এই ঘোষণা নিৰ্বাচন আয়োগৰ।

২ আৰু ৩ এপ্রিলত সৰ্বমুঠ ৫৬জন সাংসদৰ কাৰ্যকাল শেষ হ’ব। সাংসদকেইজনৰ কাৰ্যকাল শেষ হোৱাৰ পূৰ্বে অনুষ্ঠিত হ’ব নিৰ্বাচন।

উত্তৰ প্রদেশত ১০খন আসন, মহাৰাষ্ট্রত ৬খন, বিহাৰত ৬খন, পশ্চিমবংগত ৫খন, মধ্যপ্রদেশত ৫খন, গুজৰাটত ৪খন, কৰ্ণাটকত ৪খন অন্ধ্ৰপ্রদেশত ৩খন, তেলেংগানাত ৩খন আসনৰ বাবে অনুষ্ঠিত হ'ব নিৰ্বাচন।

ইয়াৰ লগতে ৰাজস্থান, ওড়িশাৰো ৩খনকৈ ৰাজ্যসভাৰ বাবে, উত্তৰাখণ্ড, চত্তীশগড়, হাৰিয়ানা, হিমাচলৰ এখনকৈ আসনৰ বাবে নিৰ্বাচন।

আনহাতে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম তাৰিখ ১৫ ফেব্ৰুৱাৰী। এই নিৰ্বাচনৰ ফলাফল ঘোষণা হ'ব ২৭ ফেব্রুৱাৰীৰ দিনাখনেই। লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যসভা নিৰ্বাচন গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। এই ৫৬ খন আসনত নিৰ্বাচনৰ পিছত উচ্চ সদনৰ ৰাজনৈতিক ছবি সলনি হ'ব পাৰে।

ৰাজ্যসভা নিৰ্বাচনৰ দিন ঘোষণা
যুৱক-যুৱতী ঘূণীয়া কৰি দিপাংক এতিয়া 'বৰ নেতা' হ'ল...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in