যুৱক-যুৱতী ঘূণীয়া কৰি দিপাংক এতিয়া 'বৰ নেতা' হ'ল...

যুৱক-যুৱতী ঘূণীয়া কৰি দিপাংক এতিয়া 'বৰ নেতা' হ'ল...

কা- আমি নামানো। কাৰ জৰিয়তে বিজেপি চৰকাৰে লাখ লাখ বাংলাদেশী জাপি দি আমাক সংখ্যালঘূত পৰিণত কৰাৰ ষড়যন্ত্ৰ কৰিছে। এই চৰকাৰখন ফেচিষ্ট। সৰ্বানন্দ সোনোৱাল হায় হায়, হিমন্ত বিশ্ব শৰ্মা হায় হায়- এয়া আছুৰ প্ৰাক্তন সভাপতি দিপাংক নাথ তথা ন-বিজেপি নেতা দীপাংক কুমাৰ নাথৰ।

ৰাজনীতিত মানুহৰ আদৰ্শ, নীতি সলনি হ'বলৈ এটা নিশাও নালাগে। কেৱল ক্ষমতাৰ সপোন দেখা একাংশ ভণ্ডই সকলো জলাঞ্জলি দি যোগদান কৰে অন্য দলত। শেহতীয়া উদাহৰণ দীপাংক নাথ, অংকিতা দত্ত, বিস্মিতা গগৈ আদি।

এতিয়া আৰু বিজেপিক গালি নিদিয়ে এইসকলে। বিজেপিত যোগদান কৰাৰ পাছত দীপাংকই কৈছে- মই বিবেকক সুধি এই কাম কৰিছো। বিজেপিয়ে সমগ্ৰ জাতিক নিৰাপত্তা দিছে। গতিকে ইয়াৰ বাদে এতিয়া আৰু অন্য দল থকাতো নিবিচাৰো। যি সকলৰ শুভ বুদ্ধি উদয় হোৱা নাই সেই সকলো সোনকালে আহক বিজেপিলৈ আৰু জাতিটোৰ সুৰক্ষা ,সু-নিশ্চিত কৰক।

ন-বিজেপি অংকিতা দত্তই কৈছে- কংগ্ৰেছত এতিয়া আগৰ দিন নাই। কেৱল ৰাহুল গান্ধীক ক্ষমতাশালী কৰিব বিচাৰিছে কংগ্ৰেছে। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যথেষ্ঠ উন্নয়ন হৈছে গতিকে এই সিদ্ধান্ত ল'লো।

আন এগৰাকী ন বিজেপি তথা প্ৰাক্তন কংগ্ৰেছী বিস্মিতা গগৈয়ে কৈছে কংগ্ৰেছৰ নেতা সকলো তেওঁৰ ব্লাউজৰ ওপৰত চকু দিয়ে। কংগ্ৰেছত সুৰক্ষিত নহয় মহিলা। গতিকে সকলো চালি জাৰি চাই এই সিদ্ধান্ত লৈছে।

বাকীসকলৰ কথা নোকোৱাই ভাল হ'ব। কিন্তু দীপাংক নাথে যি কাম কৰিলে সেয়া সকলোৰে আছিল সপোন আগোচৰ। সকলোৰে এটাই প্ৰশ্ন কেনেদৰে জাতীয় স্বাৰ্থক জলাঞ্জলি দি নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে এনে কাম কৰিব পাৰে?

কোনোৱে পাহৰিব নোৱাৰা আন্দোলন আছিল কা-আন্দোলন। লাখ লাখ যুৱক-যুৱতী জপিয়াই পৰিছিল এই আন্দোলত। য'ত বহু লোক ঘূনীয়া হোৱাৰ লগতে ৫ জন শ্বহীদ হৈছিল।

এই সকল যুৱক-যুৱতীক আন্দোলনৰ বাবে উচতাই দিছিল দীপাংকৰ দৰে ভণ্ড একাংশই। যিয়ে জাতীয়তাবাদৰ আঁৰত লুকুৱাই ৰাখিছিল ক্ষমতা লাভৰ বাবে মতলীয়া হৈ পৰা মুখা পিন্ধা নিলাজৰ স্বৰূপ।

ক্ষমতাৰ সোৱাদ ল'বলৈ উত্ৰাৱল হৈ থকা দীপাংই বিশ্বাসঘাটতকা কৰিলে অসম আৰু অসমীয়াক। ক্ষমতাৰ বাবে মতলীয়া দীপাংকৰ দৰে একাংশ বিভ্ৰান্ত নেতাই জাতিটোক ঠগি এতিয়া অসম সুৰক্ষিত কৰিবলৈ ওলাই আহিছে।

অসমীয়া, আছুক টুপী পিন্ধোৱা এইগৰাকী ভণ্ডই এতিয়া বিজেপিৰ টুপী পিন্ধিলে। দীপাংকৰ দৰে নৈৰাজ্যবাদী নেতাই এতিয়া সকলোকে আহ্বান জনাইছে বিজেপিত যোগদান কৰিবলৈ। কৈছে-বিজেপিৰ হাতত সুৰক্ষিত হ'ব অসম। জাতিৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ বিজেপিলৈ আহক।

এই গৰাকী নেতাই কা- আন্দোলনৰ সময়ত দিছিল উচতনিমূলত ভাষণ। যাৰ আহ্বানত ওলাই গৈছিল লাখ-লাখ যুৱক যুৱতী। এই কা- আন্দোলনৰ সময়তে জ্বলি শেষ হৈ গৈছিল গুৱাহাটী মহানগৰ। প্ৰতিবাদকাৰীয়ে জ্বলাই দিছিল বিধায়ক বিনোদ হাজৰিকাৰ বাসগৃহ, খেদি খেদি প্ৰহাৰ কৰিছিল তিনিচুকীয়া বিজেপিৰ সভাপতিক। আৰু বহু কথা।

বহুলোক ঘূণীয়া হ'ল, দীপাংক এতিয়া বৰনেতা হ'ল। দীপাংকই আছুৰ ওপৰতো যেন কালিমা সানিলে। দীপাংকই যেন প্ৰমান কৰি দিলে আছু কেৱল নেতা গঢ়া ফেক্টৰী। আছু নামৰ পবিত্ৰ সত্তাটোক যেন কাঠগঢ়াত থিয় কৰাল এইগৰাকী প্ৰাক্তন ছাত্ৰ আছু নেতাই। এই সন্দৰ্ভত আছু নেতাই কৈছে যে- এই গাড্ডাৰক সময়ে ক্ষমা নকৰে।

দীপাংক নাথে এতিয়া সকলো পাহৰি গ'ল। আছুৰ পৰা পদত্যাগ কৰাৰ ১ বছৰ পাছতেই যোগদান কৰিলে বিজেপিত। পাহৰি গ'ল ৫ যুৱকক মৃত্যুৰ শীতল কোলাত শুৱাই তেওঁ কৰা প্ৰতিবাদ। প্ৰতাৰক দীপাংক নাথৰ এতিয়া নতুন ঠিকনা ৰাষ্ট্ৰীয়বাদ।

কেইদিনমান পাছত হয়তো অন্য খবৰ। সম্ভাৱণাঃ নামনি অসমৰ দায়িত্ব দীপাংকক দিব বিজেপিয়ে। গোৱালপাৰৰ পৰা ধুবুৰীলৈ কোনো জনাজাত নেতা নাই বিজেপিৰ। গতিকে এই অঞ্চলত বিজেপিৰ পৰা দীপাংকক প্ৰক্ষেপ কৰিলে লাভ হ'ব পাৰে দলটো।

প্ৰাক্তন আছু নেতাগৰাকীৰ 'জয় আই অসম'ৰ পৰা 'জয় শ্ৰী ৰাম'ৰ যাত্ৰা সকলোৱে মনত ৰাখিব। সতীৰ্থক বলিপঠা, অসমীয়াক ৰামঠগন দিয়া এই নেতাগৰাকীয়ে ভংগ কৰিলে ৰাইজৰ বিশ্বাস।

ৰাইজে এয়া নাপাহৰে। কিন্তু বিশ্বাস কৰিব কাক? মানুহৰ এতিয়া শংকা, দীপাংকৰ দৰে মানুহে যদি এনে কাম কৰিব পাৰিছে তেন্তে পৰৱৰ্তী সময়ত আছুৰ বৰ্তমানৰ সভাপতি, সম্পাদকেও যাব নেকি বিজেপিলৈ?

নীতিহীন, স্থিতিহীন বেপেৰুৱা কিছুমানৰ বাবে বাৰে বাৰে প্ৰশ্নৰ সন্মুখীন হয় জাতীয়তাবাদী সত্তা। অসমীয়া মানুহ আবেগিক। এই আবেগৰ সুযোগ লোৱা একাংশ দালালৰ বাবে মানুহে হেৰুৱাই পেলাইছে বিশ্বাস, কুলষিত কৰিছে ৰাজনীতি। মন্ত্ৰী, বিধায়ক হোৱাৰ সপোনৰ বাবেই একাংশই জাতিটোত শলঠেগত পেলাই অহাতো কোনো নতুন কথা নহয় ।

কেৱল দীপাংকই নহয়।অন্য প্ৰাক্তন আছুু নেতাইও যোগদান কৰিছে বিজেপিত। পৰৱৰ্তী সময়ত হয়তো আৰু এনে বহু লোক ওলাব যিয়ে পুনৰ বিশ্বাসঘাটকতা কৰিব জাতিক। এই সকল মুখা পিন্ধা লোকক লৈ এতিয়া বিজেপিও গৌৰৱান্বিত। কিয়নো বিজেপিক এতিয়া মানুহ আৰু ভোট লাগে...

যুৱক-যুৱতী ঘূণীয়া কৰি দিপাংক এতিয়া 'বৰ নেতা' হ'ল...
নীৰৱে আমেৰিকাত গৱেষণাত ব্যস্ত মুখ্যমন্ত্ৰীৰ পুত্ৰ !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in