জম্মু-কাশ্মীৰঃ চাকিৰ আৰু বিধানসভাত আসন সংৰক্ষণ সম্পৰ্কিত দুই বিধেয়কত ৰাজ্যসভাৰ অনুমোদন

জম্মু-কাশ্মীৰঃ চাকিৰ আৰু বিধানসভাত আসন সংৰক্ষণ সম্পৰ্কিত দুই বিধেয়কত ৰাজ্যসভাৰ অনুমোদন

author-image
Asomiya Pratidin
New Update
জম্মু-কাশ্মীৰঃ  চাকিৰ আৰু বিধানসভাত আসন সংৰক্ষণ সম্পৰ্কিত দুই বিধেয়কত ৰাজ্যসভাৰ অনুমোদন

ডিজিটেল ডেস্কঃ সোমবাৰে জম্মু-কাশ্মীৰ সম্পৰ্কিত দুই গুৰুত্বপূৰ্ণ বিধেয়কত মঞ্জুৰী প্ৰদান কৰে ৰাজ্যসভাই। এই বিধেয়কত অনুসূচীত জাতি- জনজাতি আৰু অন্যান্য সামাজিক আৰু শৈক্ষিকভাৱে পিছপৰা শ্ৰেণীৰ বাবে চাকৰিত সংৰক্ষণৰ লগতে বিধানসভাৰ আসনৰ সংখ্যা বৃদ্ধি কৰাৰ ব্যৱস্থা আছে।

Advertisment

উচ্চ সদনত হোৱা আলোচনাৰ পাছতে ধ্বনি ভোটেৰে 'জম্মু-কাশ্মীৰ সংৰক্ষণ(সংশোধন)বিধেয়ক ২০২৩' আৰু 'জম্মু-কাশ্মীৰ পুনৰ গঠন(সংশোধন) বিধেয়ক ২০২৩' ত মঞ্জুৰী প্ৰদান কৰে।দুয়োখন বিধেয়ক একেলগে চৰ্চা হয়। ইয়াৰ পূৰ্বে লোকসভাত এই বিধেয়ক গৃহীত হৈছে।

আলোচনা চলি থকাৰ সময়ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উত্তৰ শুনি অসন্তুষ্ট হৈ বহু নেতাই সদন ত্যাগ কৰে।

শ্বাহে কয় য়ে, জম্মু-কাশ্মীৰৰ পৰা কেন্দ্ৰই অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰ কৰা সিদ্ধান্তত উচ্চতম ন্যায়ালয়ৰ ৰায় বিৰোধিৰ পৰা ডাঙৰ পৰাজয়। যিসকলে অনুচ্ছেদ ৩৭০ 'স্থায়ী' বুলি কৈছে তেওঁলোক সংবিধান আৰু সংবিধান সভাক অপমান কৰিছে।

লগতে কয় যে পাকিস্তানৰ অধিকৃত কাশ্মীৰ(পিঅ'কে) ভাৰতৰ আৰু সেয়া কোনোৱে কাঢ়ি নিব নোৱাৰে।

'জম্মু-কাশ্মীৰ সংৰক্ষণ(সংশোধন) বিধেয়ক' য়ে 'জম্মু-কাশ্মীৰ সংৰক্ষণ আইন ২০০৪' ৰ সংশোধন কৰিছে। ই অনুসূচীত জাতি- জনজাতি আৰু অন্যান্য সামাজিক আৰু শৈক্ষিকভাৱে পিছপৰা শ্ৰেণীৰ লোকসকলক চাকৰি আৰু বৃত্তিমূলক প্ৰতিষ্ঠানত সংৰক্ষণ প্ৰদান কৰে।

আনহাতে 'জম্মু-কাশ্মীৰ পুনৰ গঠন(সংশোধন) বিধেয়ক' য়ে 'জম্মু-কাশ্মীৰ পুনৰ গঠন আইন ২০১৯' ক সংশোধন কৰিছে। প্ৰস্তাৱিত বিধেয়কখনে বিধানসভা আসনৰ সংখ্যা ৮৩ ৰ পৰা ৯০ লৈ বৃদ্ধি কৰিব। ইয়াৰে অনুসূচিত জাকিৰ বাবে ৭ খন আৰু অনুসূচিত জনজাতিৰ বাবে ৯ খন আসন সংৰক্ষণ আছে।

Also Read: বাইক-চাৰিচকীয়া বাহনৰ মাজত মুখামুখি সংঘৰ্ষত ৰক্তাক্ত ঢকুৱাখনাৰ ৰাজপথ

amit shah Jammu Kashmir