/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/1d550afd-6a3a-489f-91e8-4a2c6060bc49/gffg.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা: প্ৰায় প্ৰতিদিনেই পথ দুৰ্ঘটনা সংঘটিত হয় ঘিলামৰা- ঢকুৱাখনা-মাজুলী সংযোগী দ্বৈত ৰাজপথত। এচাম উদণ্ড বাইকাৰ্ছৰ দৌৰাত্ম্যৰ বাবে এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ঢকুৱাখনাত।
ঢকুৱাখনা মাজুলী দ্বৈত ৰাজপথৰ চেণ্ট্ৰেল স্কুলৰ সমীপত সোমবাৰে সন্ধিয়া ৭:৩০ মান বজাত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। এ এছ ২২ জে ৩১০১ নম্বৰৰ বাজাজ পালছাৰ বাইক আৰু এ এছ ০৭ টি ৫৩৭১ নম্বৰৰ এখন টাটা টিগৰ গাড়ীৰ মুখামুখি সংঘৰ্ষত গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হয় বাইক চালক আৰু আৰোহী ক্ৰমে কপিল গগৈ(১৯) আৰু তন্ময় চমুৱা নামৰ দুজন যুৱক।
দুইজন যুৱককে জৰুৰী চিকিৎসাৰ বাবে ডিব্ৰুগড় মেডিকেল কলেজলৈ প্ৰেৰণ কৰিছে।আহত যুৱক তন্ময় চমুৱা(১৬) আৰু কপিল গগৈ(১৯),ৰ ঘৰ ঢকুৱাখনা আৰক্ষী থানাৰ অন্তৰ্গত দীঘলা গাঁৱত। ইয়াৰে কপিল গগৈ নামৰ যুৱকজনক সংকটজনক অৱস্থাত ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হৈছে । ইপিনে ঘিলামৰাত সোমবাৰে সংঘটিত আন এক পথ দুৰ্ঘটনাত সোনটি দাস নামৰ এজন যুৱকৰ অকাল মৃত্যু ঘটে ।