তদন্তৰ অন্তত ব্যৱস্থা গ্ৰহণ কৰা হ'ব: মল্লযোদ্ধাসকলৰ অভিযোগ সন্দৰ্ভত ৰাজনাথ সিং

ৰেচলিং ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ অধ্যক্ষ তথা বিজেপিৰ সাংসদ ব্ৰীজভূষণ চৰন সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি এই প্ৰতিবাদ কৰি আহিছে।

author-image
Asomiya Pratidin
New Update
পাকিস্তান অধিকৃত কাশ্মীৰৰ জনতা এদিন নিজেই ভাৰতত অন্তৰ্ভুক্ত হ'বঃ ৰাজনাথ সিং

ডিজিটেল ডেস্কঃ মল্লযোদ্ধাসকলৰ প্ৰতিবাদত উত্তপ্ত হৈ আছে দিল্লী। ৰেচলিং ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ অধ্যক্ষ তথা বিজেপিৰ সাংসদ ব্ৰীজভূষণ চৰন সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি এই প্ৰতিবাদ কৰি আহিছে। অৱশ্যে এই অভিযোগ প্ৰত্যাখ্যান কৰিছে ব্ৰীজভূষণে লগতে কেন্দ্ৰীয় চৰকাৰ বা প্ৰশাসনেও কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই তেওঁৰ বিৰুদ্ধে।

এই সন্দৰ্ভত বুধবাৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে, অভিযোগ সন্দৰ্ভত তদন্ত চলাই থকা হৈছে।আৰু তদন্তৰ অন্তত ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে।

উল্লেখ্য যে, কেইবাদিন ধৰি এই মল্লযোদ্ধা সকলে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। তাৰ মাজতে মঙলবাৰে এই খেলুৱৈ সকলে তেওঁলোকৰ পদক গংগাত উটুৱাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। পৰৱৰ্তীয় সময়ত অৱশ্যে তেওঁলোকে এনে কাম নকৰিলে। এই মল্লযোদ্ধা সকলক সমৰ্থন আগবঢ়াই আহিছে একাংশ কৃষক সংগঠনে।

Also Read: দেশৰ জি ডি পি ৭.২ শতাংশলৈ হ্ৰাস

delhi protest