দেশৰ জি ডি পি ৭.২ শতাংশলৈ হ্ৰাস

অনিয়ন্ত্ৰিত মুদ্ৰাস্ফীতিয়ে ভাৰতীয় অৰ্থনীতিক কিদৰে জুৰুলা কৰিছে তাৰ এক ভয়াবহ ছবি উন্মোচন হৈছে কেন্দ্ৰীয় চৰকাৰৰ ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্যালয়ে প্ৰকাশ কৰা তথ্যত।

author-image
Asomiya Pratidin
New Update
দেশৰ জি ডি পি ৭.২ শতাংশলৈ হ্ৰাস

ডিজিটেল ডেস্কঃ অনিয়ন্ত্ৰিত মুদ্ৰাস্ফীতিয়ে ভাৰতীয় অৰ্থনীতিক কিদৰে জুৰুলা কৰিছে তাৰ এক ভয়াবহ ছবি উন্মোচন হৈছে কেন্দ্ৰীয় চৰকাৰৰ ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্যালয়ে প্ৰকাশ কৰা তথ্যত। বৃদ্ধি হোৱা মুদ্ৰাস্ফীতিয়ে গ্ৰাস কৰিছে দেশৰ বিকাশৰ হাৰ।

Advertisment

এন এছ অৰ প্ৰতিবেদন অনুসৰি যি ভাৰতীয় অৰ্থনীতিৰ বিকাশৰ হাৰ ২০২২ বিত্তীয় বৰ্ষত ৯.১ শতাংশ আছিল ২০২৩ বিত্তীয় বৰ্ষত সেই হাৰ ৭.২ শতাংশলৈ হ্ৰাস পায়। আনহাতে অন্তিম দুই ত্ৰৈমাসিক ক্ৰমে অক্টোবৰ-ডিচেম্বৰত ৪.৫ শতাংশ আৰু জানুৱাৰী -মাৰ্চত ৬.১ শতাংশ হাৰত বৃদ্ধি পাই জিডিপি।

সাধাৰণ নিৰ্বাচনৰ পূৰ্বে মোডী চৰকাৰৰ অৰ্থনীতিৰ বিধ্বস্ত ৰূপে চৰকাৰখনত চিন্তাত পেলাইছে। যদিহে অৰ্থনীতিৰ বিকাশ উৰ্ধ্বমুখী নহয় তেন্তে ইয়াৰ প্ৰভাৱ আহি থকা বিধানসভা নিৰ্বাচনতো পৰিব।

Also Read: উঁই পোকে বিপদ মাতিছে ৪৩ কোটি টকীয়া পথলৈ

GDP