/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/09/rajnath-singh.jpg)
ডিজিটেল ডেস্কঃ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে পাকিস্তান অধিকৃত কাশ্মীৰৰ (পিঅ'কে) জনসাধাৰণে নিজেই ভাৰতত অন্তৰ্ভুক্তিৰ দাবী উত্থাপন কৰি আহিছে। তেওঁ কয় যে, এদিন পিঅ'কে ভাৰতৰ সৈতে একত্ৰিত হ'ব। লগতে কয়, এতিয়া এনে পৰিস্থিতিৰ সৃষ্টি হৈছে যে পিঅ'কেৰ লোকসকলে নিজেই ভাৰতৰ সৈতে একত্ৰিত হ'ব বিচাৰে।
পাকিস্তানৰ প্ৰধানমন্ত্ৰী ছাহবাজ ছৰীফে কাশ্মীৰক লৈ কৰা মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সিঙে। তেওঁ কয় যে, কেতিয়াবা তেওঁলোকে কাশ্মীৰ ল'ব পাৰিব নেকি? তেওঁ পাকিস্তানে অধিকৃত কৰি ৰখা কাশ্মীৰৰ বিষয়ে চিন্তা কৰিব লাগে। মই প্ৰায় ডেৰ বছৰ আগতে কৈছিলো যে যুঁজ দি সেই অংশত আমি অধিগ্ৰহণ কৰাৰ প্ৰয়োজন নাই। কিয়নো সেই ঠাইত এনে পৰিস্থিতি হৈ আছে যে তাৰ মানুহে নিজেই ভাৰতৰ অংশ হ'ব বিচাৰে।
যেতিয়া প্ৰতিৰক্ষা মন্ত্ৰীক সোধা হৈছিল যে চৰকাৰে কিবা পৰিকল্পনা কৰিছে নেকি? তেওঁ কৈছিল, "মই ইয়াতকৈ বেছি একো নকওঁ। আমি কোনো দেশক আক্ৰমণ কৰিবলৈ যোৱা নাই। ভাৰতৰ চৰিত্ৰ এয়াই যে ভাৰতে কেতিয়াও অন্য দেশত আক্ৰমণ নকৰে। কিন্তু পিঅ'কে আমাৰ আছিল, পিঅ'কে আমাৰ আৰু মই বিশ্বাস কৰোঁ যে পিঅ'কে নিজে ভাৰতৰ সৈতে একত্ৰিত হ'ব।
চীনে ভাৰতত আক্ৰমণ কৰিব পাৰে নেকি বুলি কৰা প্ৰশ্নত সিঙে কয় যে, আমি আশা কৰো ভগৱানে তেওঁলোকক এনে ভুল নকৰিবলৈ সু-বুদ্ধি দিয়ক। ভাৰতে কাকো আক্ৰমণ নকৰে। যদি আমাক কোনোৱে আক্ৰমণ কৰে তেন্তে আমি এৰি নিদিও। কিন্তু সত্য এয়াই যে সকলো চুবুৰীয়া ৰাষ্ট্ৰৰ লগত আমাৰ সম্পৰ্ক ভাল।
Also Read: হৰি নামৰ ৰসেৰে বিধৌত ঢকুৱাখনা