হৰি নামৰ ৰসেৰে বিধৌত ঢকুৱাখনা

হৰি নামৰ ৰসেৰে বিধৌত ঢকুৱাখনা

ডিজিটেল সংবাদ,:ঢকুৱাখনা: এক আধ্যাত্মিক পৰিবেশ। য'ত কেৱল নিনাদিত হৈছে  হৰিনামৰ অমিয়া ধ্বনি। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ অমূল্য সৃষ্টি ৰাজীৰ শ্ৰৱণ কীৰ্তনেৰে যেন মত্যৰ বৈকুণ্ঠপুৰীলৈ ৰূপান্তৰীত ঢকুৱাখনা।

এক শৰণ নাম ধৰ্মৰ প্রবৰ্তক শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ সপ্তদশ দ্বিবাৰ্ষিক অধিবেশন উপলক্ষত এই হৰিনামৰ পবিত্ৰ নদী প্ৰবাহিত হৈছে ঢকুৱাখনাত।

প্ৰগতিশীল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই অধিবেশন ৩ দিনীয়া কাৰ্যসূচীযে এই বৰণীয়া পৰিবেশৰ সৃষ্টি কৰিছে  ঢকুৱাখনা নগৰত।

ঢকুৱাখনা বালি গাঁও হৰিমণ্ডিৰ প্ৰাঙ্গনত শুক্ৰবাৰৰ পৰা অনুষ্ঠিত এই গুৰুজনাৰ শ্ৰৱণ কীৰ্তন অনুষ্ঠানৰ দেওবাৰে অন্তিম দিন।

অন্তিম দিনা হৰিমন্দিৰ প্ৰাঙ্গনত উত্তৰ অসমৰ ধৰ্মপ্ৰাণ ভকত বৈষ্ণৱ পাৰ ভঙা শ্ৰুত প্ৰবাহিত হয় ঢকুৱাখনাত । অন্তিম দিনৰ পুৱা নাম প্ৰসঙ্গ সম্পন্ন হোৱাৰ পাছতে অধিবেশন উপলক্ষত প্ৰকাশিত স্মৃতিগ্ৰন্থ " প্ৰগতি" উন্মোচন কৰে সংঘৰ একনিষ্ঠ সেৱক হীৰা দত্তই।

ইয়াৰ পাছতেই অধিবেশনৰ সতে সংগতি ৰাখি উলিওৱা ধৰ্মীয় শোভাযাত্ৰা উদ্বোধন কৰে ধেমাজি জিলা সাহিত্য সভাৰ সম্পাদক ,প্ৰবীণ সাংবাদিক ,শিক্ষাবিদ প্ৰেমানন্দ তালুকদাৰে । গুৰুজনাৰ অমূল্য সৃষ্টিশীলতাৰ বাঙ্ময় প্ৰকাশ আৰু প্ৰচাৰেৰে সমৃদ্ধ শোভাযাত্ৰা হৰিমন্দিৰ প্ৰাঙ্গনৰ পৰা ওলাই বৃহত্তৰ ঢকুৱাখনা নগৰাঞ্চল পৰিভ্ৰমণ কৰে।

হৰি নাম , ভাগৱত পাঠ , নাম প্ৰসংগ ,নাগাৰা নাম আদি বৰ্ণিল লোক কৃষ্টিৰে সুশোভিত দৃষ্টিনন্দন শোভাযাত্ৰাই অগণন দৰ্শক ভকত বৈষ্ণৱক সন্মোহিত কৰে। ইয়াৰ পাছতে আৰম্ভ হয় মুকলি সভা। মুকলি সভাত গুৰুজনাই গঢ়ি থৈ যোৱা সম্প্ৰীতিৰ ভেঁটি সুৰক্ষিত আৰু সংৰক্ষিত কৰাত প্ৰতিগৰাকী ভকত বৈষ্ণৱৰ দায়িত্ব কৰ্তব্য সন্দৰ্ভত বিভিন্ন ধৰ্ম প্ৰাণ বক্তাই বক্তব্য আগবঢ়ায়।

প্রগতিশীল শ্ৰীমন্ত শংকৰদেৱ সংঘ অসমৰ সভাপতি থানেশ্বৰ দত্তৰ সঞ্চালনাত অনুষ্ঠিত হোৱা মুকলি সভাৰ আঁত ধৰে সংঘৰ মুখ্য শৰনাচাৰ্য চন্দ্ৰ কমল বৰাই ৷ মুকলি সভাৰ উদ্বোধন কৰে প্রগতিশীল শ্রীমন্ত শংকৰদেৱ সংঘ অসমৰ প্ৰতিষ্ঠাপক দেৱৰাম সুতে ৷ সভাত সংঘৰ শৰনাচাৰ্য অনিল বড়া, প্রগতিশীল শ্রীমন্ত শংকৰদেৱ সংঘ অসমৰ প্রাক্তন সম্পাদক নৱ শইকীয়াই নির্দিষ্ট বক্তাৰূপে অংশগ্ৰহণ কৰে ৷

মুকলি সভাত ঢকুৱাখনা মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ তথা শিক্ষাবিদ ড° গিৰিণ গগৈয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি প্রগতিশীল শ্রীমন্ত শংকৰদেৱ সংঘ অসমৰ ইতিবৃত্তৰ সন্দৰ্ভত বিস্তৃত ব্যাখ্যা আগবঢ়াই ৷ সন্ধিয়া বন্তি প্রজ্বলনৰ পাছত মহিলা সকলৰ দ্বাৰা শকুনিৰ প্রতিশোধ দুৰ্য্যোধনৰ উৰুভঙ্গ নামৰ ভাওনা প্রদর্শননেৰে অধিবেশনৰ সফল সামৰণি মৰা হয়।

অধিবেশনতে প্রগতিশীল শ্ৰীমন্ত শংকৰদেৱ সংঘ অসমৰ প্রতিনিধি বৈঠক ও বিষয় বাচনি সভাৰ উদ্বোধন কৰে ৰমা বৰুৱাই ৷ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক কৃষ্ণ বৰুৱাই ৷ প্ৰতিনিধি সভাত পুৰ্বৰ সমিতিখন ভংগ কৰি আগন্তুক ২০২৪-২৬ বৰ্ষৰ কাৰ্যকালৰ বাবে বিশদ আলোচনাৰ অন্তত সৰ্বসন্মতভাৱে বিপিন বৰাক সভাপতি, ফুলেশ্বৰ চুতীয়া, কৃষ্ণ বৰুৱাক উপসভাপতি, বীৰু বৰগোহাঁইক সাধাৰণ সম্পাদক, দিগন্ত চুতীয়া, ভুৱন গোহাঁইক সহকাৰী সম্পাদক আদিক লৈ ৫১ জনীয়া প্রগতিশীল শ্রীমন্ত শংকৰদেৱ সংঘ অসমৰ নতুন সমিতিখন গঠন কৰা হয় ৷

হৰি নামৰ ৰসেৰে বিধৌত ঢকুৱাখনা
ৰামচন্দ্ৰই খেলিব নিৰ্বাচন! অভিনেত্ৰী কংগনা ৰাণাৱতেও পালে বিজেপিৰ পৰা প্ৰাৰ্থিত্ব

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in