১০ বছৰ সৰু প্ৰেমিকৰ সৈতে মিলি মহিলাই হত্যা কৰিলে স্বামীসহ ৩ সন্তানক...

প্ৰেম! যাক এক স্বৰ্গীয় অনুভূতি বুলি কোৱা হয়। কিন্তু আজিকালি একাংশ নৃশংস প্ৰকৃতিৰ মানুহে এই প্ৰেম শব্দটিক কুলষিত কৰা দেখা যায়
প্ৰতিকী ফটো
প্ৰতিকী ফটো

ডিজিটেল ডেস্কঃ প্ৰেম! যাক এক স্বৰ্গীয় অনুভূতি বুলি কোৱা হয়। কিন্তু আজিকালি একাংশ নৃশংস প্ৰকৃতিৰ মানুহে এই প্ৰেম শব্দটিক কুলষিত কৰা দেখা যায়। এনে ধৰণৰ এক ঘটনা সংঘটিত হৈছিল ৰাজস্থানত।

ৰাজস্থানৰ স্থানীয় আদালতে মঙবাৰে নৃশংস হত্যাকাণ্ডৰ ওপৰত শুনানি গ্ৰহণ কৰে। হত্যাৰ অভিযোগত এগৰাকী মহিলা আৰু তেওঁৰ প্ৰেমিকক আজীৱন কাৰাদণ্ড বিহে। দুয়ো মিলি মহিলা গৰাকীৰ স্বামী, তিনি পুত্ৰ আৰু এজন ভতিজাকক হত্যা কৰিছিল।

অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ (নং ২) ৰেণু শ্ৰীবাস্তৱে সোমবাৰে গোচৰটোত সন্ধ্যা আৰু তেওঁৰ প্ৰেমিক হনুমানক দোষী সাৱ্যস্ত কৰিছিল। তাৰপাছতেই আজি আজীৱন কাৰাদণ্ড বিহে দুয়োকে।

এই নৃশংস হত্যাকাণ্ড সংঘটিত হৈছিল ২০১৭ চনৰ ২ আৰু ৩ অক্টোবৰ নিশা। মহিলাগৰাকীয়ে প্ৰেমিক আৰু আন দুজনৰ সৈতে মিলি তেওঁৰ স্বামী বনৱাৰী লাল (৪৫), তিনিজন পুত্ৰ আৰু এজন ভতিজাকক ডিঙি কাটি হত্যা কৰিছিল।

সন্ধ্যাৰ হনুমানৰ সৈতে অবৈধ সম্পৰ্ক আছিল। হনুমান .নামৰ যুৱকজন সন্ধাত কৈ ১০ বছৰ সৰু আছিল। তেওঁলোকে বিয়া হব বিচাৰিছিল যাৰ বাবে শুই থকা অৱস্থাত আটাইকেইজনকে হত্যা কৰিছিল।

প্ৰতিকী ফটো
কথা ক'বলৈ সময় লাগে ৰাহুল গান্ধীক! লিখিলে পত্ৰ...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in