কথা ক'বলৈ সময় লাগে ৰাহুল গান্ধীক! লিখিলে পত্ৰ...

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে লণ্ডনৰ সদনত দিয়া ভাষণৰ পাছতেই উত্তাল হৈ পৰিছিল দেশ। নেতা গৰাকীয়ে ক্ষমা খোজাৰ দাবী জনাইছে বিজেপিয়ে।

author-image
Asomiya Pratidin
New Update
ভাৰত জোড়ো যাত্ৰা এৰি গুজৰাটত নিৰ্বাচনী প্ৰচাৰ চলাব ৰাহুল গান্ধীয়ে

rahul gandhi

ডিজিটেল ডেস্কঃ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে লণ্ডনৰ সদনত দিয়া ভাষণৰ পাছতেই উত্তাল হৈ পৰিছিল দেশ। নেতা গৰাকীয়ে ক্ষমা খোজাৰ দাবী জনাইছে বিজেপিয়ে। ইয়াৰ মাজতে ৰাহুল গান্ধীয়ে লোকসভাৰ অধ্যক্ষ ওম বিৰলালৈ এক পত্ৰ লিখে।

Advertisment

এই পত্ৰৰ জৰিয়তে ৰাহুল গান্ধীয়ে সদনত মন্তব্য ৰখাৰ বাবে সময় বিচাৰিছে। পত্ৰত বিভিন্ন নিয়মৰ কথা উল্লেখ কৰি গান্ধীয়ে এই সময় বিচাৰে। লগতে তেওঁৰ ওপৰত উত্থাপন হোৱা অভিযোগ ভুল বুলি কয় গান্ধীয়ে।

আনহাতে ৰাহুল গান্ধীয়ে ক্ষমা খোজা সন্দৰ্ভত কংগ্ৰেছৰ অধ্যক্ষ মালিকাৰ্জুন খাৰ্গে কয় যে ৰাহুল গান্ধী ৰাজ্যসভাৰ সদস্য নহয়। গতিকে তেওঁ ক্ষমা খোজাৰ প্ৰশ্নয়েই নুঠে।

উল্লেখ্য যে, ৰাহুল গান্ধীয়ে ক্ষমা খোজাৰ দাবীত বিগত ৭ দিন ধৰি লোকসভাত অচলাৱস্থা চলি আছে। এই সন্দৰ্ভত লোকসভাৰ অধ্যক্ষই এক সৰ্বদলীয় বৈঠক অনুষ্ঠিত কৰি সদন চলাবলৈ সকলোৰে সহযোগ বিচাৰিছিল। তেওঁ কৈছিল যে সদনক আলোচনা হব লাগে আৰু সমান্তৰালভাৱে কামো হ'ব লাগে।

Also Read: সোনাৰিত পৌৰপতিৰ বিৰুদ্ধে প্ৰতিবাদ...

rahul gandhi congress