/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/590575af-1798-430f-b80c-97d87226bbca/AP_FOR_WEB_bhajanlal.jpg)
ডিজিটেল ডেস্কঃ অৱশেষত ঘোষণা হ'ল ৰাজস্থানৰ নতুন মুখ্যমন্ত্ৰীৰ নাম। জয়পুৰত অনুষ্ঠিত হোৱা বিজেপি বিধায়ক দলৰ বৈঠকৰ পাছত লোৱা সিদ্ধান্ত অনুসৰি ৰাজস্থানৰ নতুন মুখ্যমন্ত্ৰী ভজন লাল শৰ্মা। ৰাজস্থানৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ ৯ দিন পাছত এই ঘোষণা কৰে।
ছাংগানেৰ সমষ্টিৰ পৰা জয়লাভ কৰিছে ভজন লাল শৰ্মাই। প্ৰথমবাৰৰ বাবে বিধায়ক হোৱা ভজন লাল শৰ্মা এতিয়া হব ৰাজস্থানৰ মুখ্যমন্ত্ৰী।
ভৰতপুৰৰ বাসিন্দা ভজন লাল শৰ্মা। অন্য সমষ্টিত নিৰ্বাচন খেলাৰ পাছতো তেওঁ বিপুল সংখ্যক ভোটত জয়লাভ কৰিবলৈ সক্ষম হয়। কংগ্ৰেছৰ প্ৰাৰ্থী পুষ্পেন্দ্ৰ ভৰদ্বাজক ৪৮,০৮১ ভোটত পৰাজয় কৰাইছে।
উল্লেখ্য যে, ৩ ডিচেম্বৰ ঘোষণা হৈছিল ৰাজস্থানৰ নিৰ্বাচনী ফলাফল। কংগ্ৰেছক হৰুৱাই জয়লাভ কৰিছিল বিজেপিয়ে। কিন্তু মুখ্যমন্ত্ৰী নিৰ্বাচনৰ ক্ষেত্ৰত দেখা দিছিল বিতৰ্কই। যাৰ বাবে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাই ৩ জন পৰ্যবেক্ষক নিযুক্তি দি মুখ্যমন্ত্ৰী নিৰ্বাচনৰ বাবে দায়িত্ব দিছিল।
Also Read: যি দেশত কংগ্ৰেছ দল থাকে তাত 'মানি হাইষ্ট'ৰ দৰে চিৰিজৰ প্ৰয়োজন নাইঃ মোডী