নিশাৰ আহাৰ গ্ৰহণ কৰি থকা অৱস্থাতেই যুৱকক মাতি নি নৃশংস হত্য়া

নিশাৰ আহাৰ গ্ৰহণ কৰি থকা অৱস্থাতেই যুৱকক মাতি নি নৃশংস হত্য়া

author-image
Asomiya Pratidin
New Update
নিশাৰ আহাৰ গ্ৰহণ কৰি থকা অৱস্থাতেই যুৱকক মাতি নি নৃশংস হত্য়া

ডিজিটেল ডেস্কঃ ঘৰৰ পৰা মাতি নি যুৱকক নৃশংস হত্যা। ৰাজস্থানৰ কোটা চহৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড। এজন যুৱকক চুৰীৰে হানি খুচি হত্যা কৰাৰ খবৰ পোহৰলৈ আহিছে। সোমবাৰে ইন্দিৰা গান্ধী নগৰ অঞ্চলত এটা নলাৰ কাষত উদ্ধাৰ হয় ৰাহুল বাল্মীকি নামৰ যুৱকজনৰ মৃতদেহ।

Advertisment

জানিব পৰা মতে পুৰণি শত্ৰুতাৰ বাবে এই ঘটনা সংঘটিত হয়।মৃত ৰাহুলৰ ভায়েক পংকজ ঘুনঘাটৰ মতে, ৰাহুলে নিশা ঘৰত ৰাতিৰ আহাৰ গ্ৰহণ কৰি আছিল। তেতিয়াই সুনীল আৰু বীৰেন্দ্ৰ নামৰ যুৱক দুজন ঘৰলৈ আহি তেওঁক মাতি নিছিল আৰু ডিঙি কাটি হত্যা কৰিছিল।

পৰিয়ালৰ মতে ৰাহুলে সুৰা বিক্ৰী কৰা কামত আপত্তি কৰিছিল যাৰ বাবে দুয়ো এই কাণ্ড সংঘটিত কৰে।

ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে দুজনক গ্ৰেপ্তাৰ কৰি ঘটনা সন্দৰ্ভত তদন্ত অব্যাবত ৰাখিছে। ৰাহুলে বাস কৰা অঞ্চলটোৰ ৰাইজে এই ঘটনাৰ উচিত তদন্ত বিচাৰিছে।

Also Read: বিতৰ্কৰ অন্ত! ঘোষণা হ'ল মধ্যপ্ৰদেশৰ নতুন মুখ্যমন্ত্ৰীৰ নাম

crime