বিতৰ্কৰ অন্ত! ঘোষণা হ'ল মধ্যপ্ৰদেশৰ নতুন মুখ্যমন্ত্ৰীৰ নাম

বিতৰ্কৰ অন্ত! ঘোষণা হ'ল মধ্যপ্ৰদেশৰ নতুন মুখ্যমন্ত্ৰীৰ নাম

ডিজিটেল ডেস্কঃ অৱশেষত ঘোষণা হ'ল মধ্যপ্ৰদেশৰ নতুন মুখ্যমন্ত্ৰীৰ নাম। মোহন যাদৱক মধ্য প্ৰদেশৰ নতুন মুখ্যমন্ত্ৰী হিচাবে ঘোষণা কৰিলে বিজেপিয়ে। উজ্জৈনৰ দক্ষিণৰ আসনৰ পৰা নিৰ্বাচিত হৈছে যাদৱ।

২০১৩ চনত প্ৰথমবাৰৰ বাবে বিধায়ক হিচাবে তেওঁ নিৰ্বাচিত হৈছিল। তেওঁ আৰএছএছৰ প্ৰিয় বুলি জানিব পৰা গৈছে। আনহাতে জগদীশ দেওৰা আৰু ৰাজেশ শুক্লা মধ্য প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী হ'ব পাৰে।

উল্লেখ্য যে, ৩ ডিচেম্বৰত ঘোষণা হৈছিল মধ্যপ্ৰদেশ নিৰ্বাচনৰ ফলাফল। কিন্তু ঘোষণা হোৱা নাছিল মুখ্যমন্ত্ৰীৰ নাম। বহু বিতৰ্কৰ অন্তত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাই ৩ গৰাকী পৰ্যবেক্ষক নিৰ্বাচন কৰি তেওঁলোকক মুখ্যমন্ত্ৰী সন্দৰ্ভত সিদ্ধান্ত ল'বলৈ দায়িত্ব অৰ্পন কৰিছিল।

মধ্যপ্ৰদেশৰ পৰ্যবেক্ষক হিচাবে বাছনি কৰা হৈছিল- হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰ আৰু দলটোৰ জ্যেষ্ঠ সদস্য তথা ৰাষ্ট্ৰীয় সভাপতি কে লক্ষ্মণ আৰু ৰাষ্ট্ৰীয় সম্পাদক আশা লাখৰাক।

বিতৰ্কৰ অন্ত! ঘোষণা হ'ল মধ্যপ্ৰদেশৰ নতুন মুখ্যমন্ত্ৰীৰ নাম
ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনক ইডিৰ চমন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in