মৃতদেহ লৈ কৰিব নোৱাৰিব প্ৰতিবাদ, হ'ব জেল...

মৃতদেহ লৈ কৰিব নোৱাৰিব প্ৰতিবাদ, হ'ব জেল...

ডিজিটেল ডেস্কঃ এতিয়াৰে পৰা মৃতদেহ আগত লৈ জনতাই কৰিব নোৱাৰিব প্ৰতিবাদ। এই সন্দৰ্ভত এখন বিধেয়ক অনাৰ যো যা চলাইছে ৰাজস্থান চৰকাৰে। ৰাজস্থান মৃতদেহ সন্মানৰ বিধেয়ক কাৰ্যকৰী কৰাৰ পিনে আগবাঢ়িছে অশোক গেহলটৰ চৰকাৰে।

বিধেয়ক মতে মৃত ব্যক্তিজনৰ অন্তিম সংস্কাৰ নকৰিলে ২ বছৰৰ পৰা ৫ বছৰলৈ কাৰাগাৰ আৰু জৰিমনা বিহাৰ ব্যৱস্থা কৰা হ'ব। অৱশ্যে বিজেপিয়ে এই বিধেয়কৰ বিৰোধিতা কৰিছে।

শেহতীয়াকৈ ৰাজস্থান চৰকাৰে ৰাজস্থান বিধান সভাত 'ৰাজস্থান মৃত শৰীৰ সন্মান বিধেয়ক' গৃহীত কৰিছে। এই বিধেয়ক অনুসৰি যদি মৃতকৰ পৰিয়াল বাবে অন্যলোকে মৃতদেহটো প্ৰতিবাদত ব্যৱহাৰ কৰে তেন্তে ২ বছৰৰ জেল হব। যদিহে মৃতকৰ পৰিয়ালে মৃতদেহটো গ্ৰহণ নকৰে তেন্তে ১ বছৰৰ জেল হব।

এই বিধেয়কখনত উল্লেখ আছে যে মৃতদেহৰ অন্ত্যেষ্টিক্ৰিয়া তেতিয়াহে দেৰিকৈ কৰিব পাৰিব যেতিয়া পৰিালৰ সদস্য অন্য ঠাইৰ পৰা আহি থাকে বা মৰণোত্তৰ পৰীক্ষা কৰিব লগা থাকে। তদুপৰ যদি কোনোৱে মৃতদেহটো প্ৰতিবাদৰ বাবে ব্যৱহাৰ কৰে তেন্তে বিভাগীয় থানাই মৃতদেহটো মৰণোত্তৰৰ ব্যৱস্থা কৰি এছডিএমক অৱগত কৰিব। আৰু তেওঁলোকে শেষকৃত্য কৰিব।

বিজেপিয়ে এই বিধেয়কৰ বিৰোধিতা কৰিছে।

মৃতদেহ লৈ কৰিব নোৱাৰিব প্ৰতিবাদ, হ'ব জেল...
ৰে’লৰ খুন্দাত মৃত্যু যুৱকৰ, চিনাক্ত হোৱা নাই মৃতদেহ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in