
কেইখনমান চিনাকী মুখ। তেওঁলোকৰ ডিঙিত পিয়াজৰ মালা। পিছফালে এখন বেনাৰ। পিয়াজৰ লগতে আন সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাৱ্যস্ত কৰা দৃশ্য এইখন অসমৰে আছে। কিয়নো তেতিয়া তেওঁলোক শাসনত নাছিল।
চৰ্চাত আছিল আন এক প্ৰতিবাদ। গৰু গাড়ী এখনত চিলিণ্ডাৰ লৈ ৰাজপথত প্ৰতিবাদী মিছিল এটা ওলাইছিল। নেতৃত্বত আছিল বৰ্তমানৰ এজন জ্যেষ্ঠ শাসকীয় দলৰ বিধায়ক। মূল্যবৃদ্ধিৰ বিৰুদ্ধে উদাত্ত কণ্ঠৰে সেইদিনা তেওঁ ভাষণ দিছিল।
আজি সেইজন নেতাৰো মুখত মাত নাই। নিবোকা চামোন হৈ পৰিল। দিছপুৰত নিজ দলৰ চৰকাৰ। দিল্লীত তেওঁৰ দলেই আছে শাসনত। এতিয়ানো কেনেকৈ মাত মাতে এইজন জনপ্ৰতিনিধিয়ে।
এয়াই বিড়ম্বনা। পিয়াজৰ দাম শুনিলেই ভয় লগা হৈছে। অৱশ্যে পিয়াজৰ এই মূল্যবৃদ্ধি এটা উদাহৰণহে। কি পৰ্যায়ত বজাৰত মূল্যবৃদ্ধিয়ে গ্ৰাস কৰিছে সাধাৰণ খাটি খোৱা লোকসকলৰ বাদে আন কোনোৱে সেই দুখ নুবুজে। কিহৰ দাম বঢ়া নাই। চাউলৰ কথাকে ধৰক। প্ৰতিদিনাই নতুন নতুন দাম। কেৱল উৰ্ধমুখী হৈছে মূল্য। মানুহে কব কাক?
নিৰ্মাণ কাৰ্যত ব্যৱহাৰ কৰা সামগ্ৰীৰ মূল্য নিয়ন্ত্ৰণৰ বাহিৰত। চিমেন্টৰ মূল্য বাঢ়ি থাকে ৩০-৪০ টকাকৈ। ৰডৰ মূল্য কিয় ইমান বাঢ়িছে সেয়া কিন্তু কোনোৱে নাজানে। একেদৰে বাঢ়ি গৈছে শিল-বালি, ইটাৰ দাম।
চলিছে কি? এই মূল্যবৃদ্ধিৰ বোজাৰ পৰা সাধাৰণ জনতাই পাব নে কেতিয়াবা সকাহ? কোনে দিব তেওঁলোকক ইয়াৰ পৰা পৰিত্ৰাণ পোৱা উপায়? গুৱাহাটীত পিয়াজৰ খুচুৰা মূল্য প্ৰতিকেজিত ৮০ টকা। কোনো কোনোৱে ৯০ টকালৈকে দি এক কেজি পিয়াজ কিনিছে।
চৰকাৰে এটাই লক্ষ্য ১০০ ঘৰ পাৰ হ'ব নালাগে। সন্মুখত ৫ ৰাজ্যৰ নিৰ্বাচন। দিল্লীয়েও কথাতো চিন্তা কৰিছে। পিয়াজে যাতে নকন্দুৱাই তাৰ বাবে অলপ হ'লেও সচেতন হোৱাৰ চেষ্টা চলাইছে।
পিয়াজত দিছে ৰাজ সাহায্য। চৰকাৰী পৃষ্ঠপোষকতাত পিয়াজ আমদানী হয়। দেশৰ উৎপাদনে পিয়াজৰ চাহিদা পূৰণ কৰিব নোৱাৰে। চৰকাৰৰ এটাই যুক্তি আমদানী কৰোতেই খৰচ বেছি পৰিছে।
২৮ অক্টোবৰ ২০২৩ ত হেনো আমদানিকৃত ১ টন পিয়াজৰ মূল্য ৮০০ ডলাৰ মিনিমান এক্সপোৰ্ট প্ৰাইজ হৈছে। সেয়েহে বোলে পিয়াজৰ দাম বাঢ়িছে। নিৰ্বাচনৰ বতৰৰ বাবে ৫০,০০০ টন পিয়াজ চৰকাৰে ৰাজ সাহায্য দি বিক্ৰীৰ বাবে উলিয়াই দিছে।
দেশৰ কেইবাখনো নগৰ-মহানগৰত ভ্ৰাম্যমাণ ভেনৰ জৰিয়তে প্ৰতিকেজিত ২৫ টকাৰ মূল্যত পিয়াজ বিক্ৰী অভিযান আৰম্ভ হৈছে। দিল্লী, মুম্বাই, জলন্ধৰ, ভূপাল আদিত সেই পিয়াজ কিনিবলৈ মানুহে বিশাল শাৰী পাতিছে।
গুৱাহাটীতো ১২ স্থানত ভ্ৰাম্যমাণ বাহনৰ জৰিয়তে ৰাজ সাহায্য দিয়া পিয়াজ বিক্ৰী আৰম্ভ কৰিছে চৰকাৰে। গুৱাহাটীত ২৫ টকাত চৰকাৰৰ উদ্যোগত পিয়াজ বিক্ৰী কৰা স্থান সমূহ হ'ল- বশিষ্ঠ বজাৰ, ছয়মাইল আইডিবিআই বেংকৰ কাষত, বেলতলা বজাৰ, গনেশগুৰি পেট্ৰ'ল পাম্পৰ সমীপত,উলুবাৰী বজাৰ, উজান বজাৰ, চানমাৰী বজাৰ, পাণ্ডু বজাৰ, মালিগাঁও থানাৰ কাষত, হেঙেৰাবাৰী পিএইছই কাষত,নুনমাটি বজাৰ।
শতকৰা ১০০ জনৰ ভিতৰত ১০ জনে ই ভ্ৰাম্যমাণ বিপনীৰ পৰা ২৫ টকা প্ৰতিকেজি দৰত পিয়াজ কিনাত সফল হৈছে। পিয়াজ কিনিবলৈ যোৱা মানুহৰ ভিৰ দেখি বহুতেই পিয়াজ নিকিনাই উভতিছে।
পিয়াজৰ মূল্য প্ৰতিবছৰে এক নিৰ্দিষ্ট সময়ত বৃদ্ধি পায়। অস্বাভাৱিক হাৰত বৃদ্ধি হয় মূল্য। বতৰ বা জলবায়ু পিয়াজৰ মূল্যবৃদ্ধিৰ অন্যতম কাৰক। উৎপাদন আৰু পিয়াজৰ আমদানিৰ ওপৰতো সেই মূল্য নিৰ্ভৰশীল।
কোনোবা নেতা বা মন্ত্ৰীয়ে অসমীয়া মানুহে পিয়াজ নাখালেও চলি যায় বুলি কব পাৰে। কিন্তু পিয়াজবিহীন ৰান্ধনী ঘৰটোৰ কথা গৃহিনীয়ে ভাবিবই নোৱাৰে। গুৱাহাটীত বাৰু কিবা এটা কৰিছে। সকলোকে দিব নোৱাৰিলেও দহজনক হ'লেও ৮০-৯০ টকীয়া পিয়াজ ২৫ টকাত দিছে।
ৰাজ্যৰ আন প্ৰান্তত বা গাঁও-চহৰবোৰত এনে ব্যৱস্থা কৰা নাই চৰকাৰে। গুৱাহাটীৰ মানুহে পিয়াজ খাব লাগে, গাঁৱৰ সেই সাধাৰণ মানুহবোৰে পিয়াজ খাব নালাগে নেকি? পিয়াজ মূল্যবৃদ্ধিৰ এটা শেহতীয়া নমুনাহে।
মূল্যবৃদ্ধিৰ চেপাত সাধাৰণ মানুহৰ জীৱন যাত্ৰা কাহিল হৈ গৈছে। নিজৰ প্ৰশস্তি নিজেই গোৱাত ব্যস্ত থকা চৰকাৰী পক্ষই চকুত কলা কাপোৰ, কাণত কপাহ গুজি চকু মুদা কুলিৰ ভাও লৈছে।
প্ৰশান্ত ফুকনৰ দৰে মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা মানুহো ইতিমধ্যে কৌতুক হৈ পৰিছে। তাৰ বিপৰীতে খাটি খোৱা সাধাৰণ লোকসকলৰ মাজলৈ গৈ তেওঁলোকৰ অৱস্থাৰ বুজ লৈছেগৈ প্ৰবীণ ৰাজনীতিবিদ হেমেন দাসে।
যিসকলে খবৰ লব লাগিছিল, মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ উদ্যোগ বা ব্যৱস্থা লব লাগিছিল তেওঁলোকৰ খবৰ নাই। পৰালৈকে টানি-মুনি চলাৰ বাদে সাধাৰণ লোকৰ বিকল্প নোহোৱা হৈছে এতিয়া।