ৰাজস্থান বিধানসভা নিৰ্বাচনঃ পুৱা ৭ বজাৰ পৰা আৰম্ভ ভোট গ্ৰহণ প্ৰক্ৰিয়া

 ৰাজস্থান বিধানসভা নিৰ্বাচনঃ পুৱা ৭ বজাৰ পৰা আৰম্ভ ভোট গ্ৰহণ প্ৰক্ৰিয়া

ডিজিটেল ডেস্কঃ শনিবাৰে পুৱাৰে পৰা আৰম্ভ ৰাজস্থানৰ বিধানসভা নিৰ্বাচন। পুৱা ৭ বজাৰ পৰা হোৱা এই ভোট গ্ৰহণ প্ৰক্ৰিয়া সন্ধিয়া ৬ বজাত অন্ত পৰিব।

১৯৯ টা সমষ্টিৰ বাবে অনুষ্ঠিত হোৱা এই নিৰ্বাচনৰ ভোট গণনা হ'ব ৩ ডিচেম্বৰত। ইয়াৰ লগতে আন ৪ ৰাজ্যৰ নিৰ্বাচনী ফলাফলো উক্ত দিনতে ঘোষণা হ'ব। ৰাজস্থানৰ বিধানসভা ২০০ খন আসনযুক্ত যদিও শ্ৰীগংগা নগৰৰ কৰণপুৰ সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী গুৰমিত সিং কুনেৰৰ অকাল বিয়োগৰ বাবে সেইটো সমষ্টিত নিৰ্বাচন স্থগিত ৰাখিবলগীয়া হৈছে।

ৰাজস্থান বিধানসভা সমষ্টিত এইবাৰ ভোটদাকাৰ সংখ্যা ৫.২৫ কোটি। ইয়াৰে ২৭.৩ নিযুত পুৰুষ ভোটাৰ আৰু ২৫.২ নিযুত মহিলা ভোটাৰ। লক্ষণীয়ভাৱে ১৭,২৪১ গৰাকী শতবৰ্ষ গৰকা। ইয়াৰ দ্বাৰা নিৰ্ণয় হ'ব ১,৮৬২ গৰাকী প্ৰাৰ্থীৰ ভাগ্য। ইয়াৰ ভিতৰত আছেল ১৮৩ গৰাকী মহিলা প্ৰাৰ্থী।

উল্লেখ্য যে, ৰাজস্থানত কংগ্ৰেছ সংখ্যাগৰিষ্ঠতা আছে আৰু মুখ্যমন্ত্ৰী অশোক গেহলট শীৰ্ষত আছে। কিন্তু অশোক গেহলট আৰু প্ৰাক্তন উপ মুখ্যমন্ত্ৰী শচীন পাইলটৰ মাজত চলি থকা সংঘৰ্ষই দলটোক কিছু বাধা দিব পাৰে বুলি আশংকা কৰা হৈছে। ২০১৮ চনৰ বিধানসভা নিৰ্বাচন কংগ্ৰেছে ক্ষমতা দখল কৰিছিল। বিজেপিয়ে মাত্ৰ ৭৩ খন আসন লাভ কৰিছিল এই নিৰ্বাচনত।

কিন্তু এইবাৰ নিৰ্বাচনত ৰাজস্থান বিজেপিৰ দখললৈ যোৱাৰ সম্ভাৱণা আছে। ৰাজ্যখনৰ উন্নয়নৰ দুৰ্বল গতিকে ধৰি বিভন্ন দিশৰ বাবে কংগ্ৰেছৰ অসুবিধা হ'ব পাৰে।

 ৰাজস্থান বিধানসভা নিৰ্বাচনঃ পুৱা ৭ বজাৰ পৰা আৰম্ভ ভোট গ্ৰহণ প্ৰক্ৰিয়া
ঋণ দিয়াৰ নামত সাংবাদিকৰ পত্নীৰ দাবী ৭৫০০ টকা! ৫ জনৰ বিৰুদ্ধে এজাহাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in