ঋণ দিয়াৰ নামত সাংবাদিকৰ পত্নীৰ দাবী ৭৫০০ টকা! ৫ জনৰ বিৰুদ্ধে এজাহাৰ

আত্মসহায়ক গোটক ঋণ দিয়াৰ নামত সাংবাদিকৰ পত্নীৰ দাবী ৭৫০০ টকা! ৫ জনৰ বিৰুদ্ধে এজাহাৰ

author-image
Asomiya Pratidin
New Update
 ঋণ দিয়াৰ নামত সাংবাদিকৰ পত্নীৰ দাবী ৭৫০০ টকা!  ৫ জনৰ বিৰুদ্ধে এজাহাৰ

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ আত্মসহায়ক গোটক ঋণ দিয়াৰ নামত অসমৰ আগশাৰীৰ এটা ছেটেলাই চেনেলৰ এজন সাংবাদিকৰ পত্নীয়ে ৭৫০০ টকাকৈ উৎকোচ দাবী কৰাৰ অভিযোগ উত্থাপন হৈছে। এই সন্দৰ্ভত মানকাচৰ ব্ল’কত লিখিত অভিযোগ দাখিল কৰাৰ লগতে মাৰপিটৰ অভিযোগত সাংবাদিক, গাওঁ প্ৰধান সহ ৫ জনৰ বিৰুদ্ধে কালাপানী আৰক্ষী চকীত গোচৰ ৰজু কৰিছে।

Advertisment

উল্লেখযোগ্য যে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ উন্নয়ন খণ্ডৰ অধীনস্থ বেঙেৰভিটা গাঁৱত থকা ৬ খনকৈ আত্মসহায়ক গোটৰ নামত মুঠ ৯ লাখ টকাৰ ঋণৰ চেক ধাৰ্য হৈছে। উক্ত ঋণৰ ধনখিনি ভিঅ’ৰ জৰিয়তে আত্মসহায়ক গোটক বিতৰণ কৰা হয়।

উল্লেখ্য যে, স্থানীয় সাংবাদিক হাছিনুৰ ইছলামৰ পত্নী নাজমিনা খাতুন বেঙেৰভিটা এলেকাৰ ভিঅ’ৰ সভানেত্ৰী আৰু তেওঁৰে সম্পৰ্কীয় মেহেনাৰা পাৰভিন সম্পাদিকা। অভিযোগ অনুসৰি ভিঅ’ৰ সভানেত্ৰী আৰু সম্পাদিকাদ্বয়ে ঋণৰ ধনখিনি দিয়াৰ নামত ৭৫০০ টকাকৈ আত্মসহায়ক গোট কেইখনৰ পৰা দাবী কৰিছে।

ঘটনাক লৈ নাজমিনা খাতুন আৰু সম্পাদিকা মেহেনাৰা পাৰভিনৰ বিৰুদ্ধে চিৰাখোৱা বেঙেৰভিটা নয়ন আত্মসহায়ক গোটৰ সভানেত্ৰী ৰবিনা খাতুন, সম্পাদিকা মফিলা খাতুন আৰু জুলফা আকতাৰ আত্মসহায়ক গোটৰ সভানেত্ৰী জয়জান নেছা, সম্পাদিকা মৰিয়ম বিবিয়ে যোৱা ২০ নৱেম্বৰত অসম ৰাজ্যিক গ্ৰামীন জীৱিকা অভিযানৰ মানকাচৰ ব্ল’কৰ ব্ল’ক প্ৰজেষ্ট মেনেজাৰৰ ওচৰত লিখিত অভিযোগ দাখিল কৰিছে।

এই অভিযোগৰ পাচত ২২ নৱেম্বৰত ব্ল’ক কাৰ্যালয়ৰ পৰা বিষয়টো তদন্তৰ বাবে বেঙেৰভিটা কমিউনিটি হলত আত্মসহায়ক গোট আৰু ভিঅ’ক লৈ এখন বৈঠক অনুষ্ঠিত কৰা হয়। বৈঠকত ভিঅ’ৰ অনিয়মৰ অভিযোগ উত্থাপন হোৱাক লৈ অভিযোগকাৰী সকলৰ মাজত প্ৰচুৰ তৰ্কা-তৰ্কি হয়। ব্ল’ক কাৰ্যালয়ৰ পৰা অহা প্ৰতিনিধিয়ে মিমাংসা হোৱাৰ আহ্বান জনাই অনিয়মখিনি ঠিক কৰিবলৈ নিৰ্দেশ দি যোৱাৰ পাচত সাংবাদিক হাছিনুৰ ইছলাম, স্থানীয় গাওঁ প্ৰধান মমিনুল ইছলাম, সাংবাদিক হাসিফুল ইছলাম, আকবৰ আলী আৰু জৰিনা খাতুনে পৰিবেশ উত্তাল কৰি তোলাৰ লগতে নয়ন আত্মসহায়ক গোটৰ সম্পাদিকা মফিলা খাতুন আৰু তেওঁৰ স্বামীক প্ৰহাৰ কৰে।

ঘটনাক লৈ ইতিমধ্যে মফিলা খাতুনে ২২ নৱেম্বৰৰ সন্ধিয়া কালাপানী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে। উক্ত এজাহাৰৰ পাচত কালি কালাপানী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

লক্ষণীয় যে ছেটেলাই চেনেলৰ সাংবাদিক হাছিনুৰ ইছলাম আৰু মমিনুল হক গাওঁ প্ৰধান হোৱাৰ বাবে তেওঁলোকৰ বিৰুদ্ধে অভিযোগ দিলেও আৰক্ষী বা কোনো বিষয়াই ব্যৱস্থা গ্ৰহন নকৰে বুলি আত্মসহায়ক গোটক ভাবুকি দিয়াৰ অভিযোগ উত্থাপন কৰিছে গোটৰ সম্পাদিকা মফিলা খাতুনে।

সাংবাদিক আৰু সাংবাদিকৰ পত্নীৰ এনে কাণ্ডক লৈ জিলাখনত চাঞ্চল্যৰ সৃষ্টি হৈছে। অসমৰ আগশাৰীৰ ছেটেলাইট চেনেলৰ সাংবাদিক এজন যদি দূৰ্নীতিত জৰিত হয় তেন্তে তেওঁৰ দ্বাৰা জিলাবাসীয়ে কি আশা কৰিব পাৰে তাক লৈ ভিন্ন মহলত প্ৰশ্ন উত্থাপন হৈছে। এনে সাংবাদিকক চেনেলৰ পৰা বহিস্কাৰ কৰিব লাগে বুলি জিলাখনৰ সচেতন ৰাইজে দাবী তুলিছে।

Also Read: যুদ্ধ বিৰতিঃ চুক্তিৰ আধাৰত হামাছে মুকলি কৰি দিলে ১৩ গৰাকী ইজৰাইলীক

Assam police