ৰাজস্থানত বিজেপিৰ চেঞ্চুৰী...

ৰাজস্থানত বিজেপিৰ চেঞ্চুৰী...

author-image
Asomiya Pratidin
New Update
ৰাজস্থানত বিজেপিৰ চেঞ্চুৰী...

ৰাজস্থানত বিজেপিৰ চেঞ্চুৰী...

ডিজিটেল ডেস্কঃ ভোটগণনা আৰম্ভ হোৱাৰ প্ৰায় ৯০ মিনিটৰ ভিতৰতে ৰাজস্থানত বিজেপিয়ে স্পৰ্শ কৰিলে চেঞুৰী। ৰাজ্যখনৰ ১৯৯ খনৰ ভোটগণনাত বিজেপিয়ে ১০০ খন আসনত আগবাঢ়ি আছে।

Advertisment

ইয়াৰ বিপৰীতে কংগ্ৰেছ ৮৫ খন আসনত আগবাঢ়ি আছে। ৰাজ্যখনত কংগ্ৰেছ আৰু বিজেপিৰ মাজত চলিছে তীব্ৰ প্ৰতিদ্বন্দিতা। অন্যান্য ১৪ খন আসনত আগবাঢ়ি আছে।

ৰাজ্যখনৰ হেভিৱেইট প্ৰাৰ্থী তথা মুখ্যমন্ত্ৰী অশোক গেহলট ছৰ্দাৰপুৰ সমষ্টিত আগবাঢ়ি থকাৰ বিপৰীতে পূৰ্বৰ মুখ্যমন্ত্ৰীৰ তথা বিজেপি নেত্ৰী বসুন্ধৰা ৰাজে ঝালৰাপাটন সমষ্টিত আগবাঢ়ি আছে।

Also Read: প্ৰথম এঘণ্টাত ৪ ৰাজ্যত কোন আগবাঢ়িছে? চাঁওক সবিশেষ...

ৰাজস্থান