প্ৰথম এঘণ্টাত ৪ ৰাজ্যত কোন আগবাঢ়িছে? চাঁওক সবিশেষ...

প্ৰথম এঘণ্টাত ৪ ৰাজ্যত কোন আগবাঢ়িছে? চাঁওক সবিশেষ...
প্ৰথম এঘণ্টাত ৪ ৰাজ্যত কোন আগবাঢ়িছে? চাঁওক সবিশেষ...

ডিজিটেল ডেস্কঃ ৪ ৰাজ্যৰ ভোটগণনা পুৱা ৮ বজাৰ পৰা অব্যাহত আছে। প্ৰথম ১ টা ঘণ্টাত ছত্তিশগড়ত কংগ্ৰেছ ৪৫ খন আসনত আগবাঢ়ি আছে। ৯০ খন বিধানসভা আসনৰ ৰাজ্যখনত ক্ষমতা দখলৰ বাবে প্ৰয়োজন ৪৬ খন আসনৰ। আনহাতে ৰাজ্যখনত বিজেপি আগবাঢ়ি আছে ২৮ খন আসনত। ৰাজ্যখনৰ হেভি ৱেইট প্ৰাৰ্থী তথা মুখ্যমন্ত্ৰী ভূপেশ বাঘেল পাটনা সমষ্টিত আগবাঢ়ি থকাৰ বিপৰীতে পূৰ্বৰ মুখ্যমন্ত্ৰী ৰমন সিঙো আগবাঢ়ি আছে।

সেইদৰে মধ্যপ্ৰদেশত মুঠ আসন ২৩০ খন। ইয়াত ক্ষমতা দখলৰ বাবে প্ৰয়োজন ১১৬ খন আসনৰ। ভোটগণনাৰ প্ৰথম এটা ঘণ্টাত ৰাজ্যখনত বিজেপি ১১৪ খন আসনত আগবাঢ়ি আছে। ইয়াৰ বিপৰীতে কংগ্ৰেছ ৮৮ খন আসনত আগবাঢ়ি আছে। আনহাতে অন্যান্য আগবাঢ়ি আছে ২ খন আসনত।

১১৯ খন আসনৰ ভোটগণনা হোৱা ৰাজস্থানত প্ৰথম এটা ঘণ্টাত কংগ্ৰেছ ৮০ খন আসনত আগবাঢ়ি আছে। বিজেপি আগবাঢ়ি আছে ১০৪ খন আসনতয অন্যান্য আগবাঢ়ি আছে ১৫ খন আসনত।

তেলেংগানাত ১১৯ খনৰ ভিতৰত কংগ্ৰেছ ৬৫ আসনত আগবাঢ়ি আছে। আনহাতে বি আৰ এছ ৪০ খন আসনত আগবাঢ়িছে। বিজেপি এই ৰাজ্যখনত আগবাঢ়ি আছে ৬ খন আসনত। অন্যান্য আগবাঢ়ি আছে ৭ খন আসনত।

প্ৰথম এঘণ্টাত ৪ ৰাজ্যত কোন আগবাঢ়িছে? চাঁওক সবিশেষ...
ছত্তিশগড়ত তীব্ৰ গতিত আগবাঢ়িছে কংগ্ৰেছ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in